মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Department of Tribal Affairs (Plain)

নাগৰিক চনদ

ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগ হৈছে ৰাজ্যৰ অনুসূচীত জনজাতি, অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীসকলৰ কল্যাণ আৰু উন্নয়নৰ কাৰণে নীতি আৰু কাৰ্য্যসূচী প্ৰস্তুতি আৰু ৰূপায়নৰ নোডাল বিভাগ। অসম অনুসূচীত জাতি/অনুসূচীত জনজাতি সংৰক্ষণ আইন, ১৯৭৮ ৰ উপবন্ধ ৰপায়নৰ দায়িত্ব বিভাগৰ হাতত ন্যস্ত কৰা হৈছে আৰু সেইমতে নিয়ম গঠন কৰা হৈছে। ৰাজ্যিক বাৰ্ষিক পৰিকল্পনাৰ জনজাতীয় উপ পৰিকল্পনা, অনুসূচীত জাতিৰ উপ পৰিকল্পনাৰ উপাদানসমূহ, ৰাজ্যৰ অনুসূচীত জাতি/অনুসূচীত জনজাতি/অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণৰ কাৰণে কেন্দ্ৰীয় আৰু ৰাজ্যিক পুঁজিপ্ৰাপ্ত কাৰ্য্যসূচী ৰূপায়নৰ কাৰণে এই বিভাগটো দায়ী। ইয়াৰোপৰি বিভাগটো ৰাজ্যৰ বনাঞ্চল অধিকাৰ আইন, ২০০৬ৰ ৰূপায়নৰ কাৰণেও দায়ী। ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগে আগবঢ়োৱা সেৱা সমূহ নাগৰিক সকলে যাতে লাভ কৰিব পাৰে ইয়াৰ বাবে এই নাগৰিক চনদ প্ৰস্তুত কৰি উলিওৱা হৈছে।

লক্ষ্যঃ

অনুসূচীত জাতি/অনুসূচীত জনজাতি/অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ মাজৰ পৰা আৰু লগতে সমাজৰ পৰা অধিক হাৰত অসমতা তথা আৰ্থ-সামাজিক বৈষম্যতা দূৰ কৰিবৰ বাবে আৰু লগতে উক্ত শ্ৰেণীসমূহৰ অন্তৰ্গত লোক সকলক সামাজিক আৰু অৰ্থনৈতিক ভাৱে সৱল কৰি তোলাৰ বাবে উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা।

অভিযানঃ

ক)আইন প্ৰস্তুত কৰাৰ লগতে ইয়াৰ ৰূপায়ন কৰি আৰু লগতে কাৰ্য্যকৰী হস্তক্ষেপ কৰি,
খ) অনুসূচীত জাতি/অনুসূচীত জনজাতি অধ্যুষিত এলেকা সমুহত শিক্ষা আৰু সংযোগ ব্যৱস্থা সম্বন্ধীয় আন্তঃগাঠনিৰ বিকাশ ঘটাই,
খ) আৰ্থ-সামাজিক আৰু জিৱীকাৰ সুবিধা প্ৰদান কৰি আদি সকলোবোৰৰ জৰিয়তে সমভূমি জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগে অনুসূচীত জাতি/অনুসূচীত জনজাতি/অন্যান্য পিছপৰা শ্ৰেণীৰ লোক সকলৰ উন্নয়ন সাধন আৰু তেঁওলোকৰ অধিকাৰক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত সম্পুৰ্ণৰূপে প্ৰতিজ্ঞাবদ্ধ।

সম্পন্ন কৰা কাৰ্য্যৱলীঃ-

১. পৰিকল্পনা প্ৰস্তুত কৰা

২. বাৰ্ষিক বিত্তীয় প্ৰতিবেদন প্ৰস্তুত কৰা

৩. উচ্চতম/উচ্চ ন্যায়ালয়ৰ আদেশ পালন কৰা

৪. পৰ্য্যলোচনা কমিটিৰ সভা আয়োজন কৰা

৫. অনুসূচীত জাতি/অনুসূচীত জনজাতি/অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণৰ বাবে পৰামৰ্শদাতা পৰিষদ গঠন কৰা

৬. জাতিৰ সত্যাসত্য নিৰুপণৰ বাবে এছ.এল.এছ.চি. গঠন কৰা

৭. এছ.চি.এছ.পি.ৰ প্ৰতি এছ.চি.এ., টি.এছ.পি.ৰ প্ৰতি এছ.চি.এ., ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২৭৫(১)ৰ অন্তৰ্গত ৰাজ্যিক পৰিকল্পনা, কেন্দ্ৰীয় খণ্ড আৰু কেন্দ্ৰীয় প্ৰযোজিত আঁচনিৰ অধীনত লক্ষ্য কৰি লোৱা অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ কল্যাণ আৰু আৰ্থ-সামাজিক উন্নয়নৰ বাবে বিভিন্ন আঁচনি ৰূপায়ন কৰা। যেনেঃ
ক) পৰিয়াল কেন্দ্ৰীক উপৰ্জন বৃদ্ধি আঁচনি
খ) ব্যক্তিগত লাভালাভ আঁচনি
গ) আন্তঃগাঠনি উন্নয়ন- দলং, পথ, ৰাজহুৱা সভাগৃহ আদি নিৰ্মাণ কৰা
ঘ) দক্ষতা বিকাশৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা
ঙ) কৃষি সম্বন্ধীয় প্ৰয়োজন যেনে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদিৰ যোগান ধৰা আৰু ইয়াৰ প্ৰশিক্ষণ প্ৰদান কৰা

৮. শিক্ষা ক্ষেত্ৰত আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ কাৰণ সমূহ:
ক) অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ছাত্ৰী আৱাস আৰু ছাত্ৰাৱাস নিৰ্মাণ কৰা
খ) অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে প্ৰাক মেট্ৰিক আৰু পৰৱৰ্তী মেট্ৰিক জলপানি প্ৰদান কৰা
গ) অসম জনজাতি আৰু অনুসূচীত জনজাতি গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা জনজাতিয় সম্বন্ধীয় বিষয়ৰ ওপৰত গৱেষণা, আলোচনাচক্ৰ আৰু কৰ্মশালাৰ অনুষ্ঠিত কৰা
ঘ) পাঁচটা বিষয়ৰ ওপৰত অনুসূচীত জনজাতি যুৱক-যৱতীক প্ৰশিক্ষণ প্ৰদান কৰিবৰ বাবে বৃত্তিগত প্ৰশিক্ষণ প্ৰতিষ্ঠান

৯. তলত উল্লেখ কৰা জাতিৰ প্ৰমাণ পত্ৰ সম্বন্ধীয় বিষয়:
ক) অনুসূচীত জাতি প্ৰমাণ পত্ৰ
খ) অনুসূচীত জনজাতি প্ৰমাণ পত্ৰ
গ) অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰমাণ পত্ৰ
ঘ) নন-ক্ৰিমি স্তৰৰ প্ৰমাণ পত্ৰ

Downloads
TitleSizeDetail
নাগৰিক চনদ 186.58 KBswf-image