অসম চৰকাৰে ২০১৭-১৮বৰ্ষত ৰাজ্যৰ অনুসূচীত জনজাতি অধ্যুষিত অঞ্চলৰ মুঠ ১২খন গাঁৱক পি.এম.জি.এছ.ওৱাই.ৰ পৰামৰ্শাৱলী অনুসৰি অগ্ৰাধিকাৰ/স্বাক্ষৰ প্ৰকল্পৰ অধীনতআদৰ্শ গাঁৱলৈ ৰূপান্তৰ কৰিবৰ বাবে বাজেট আৱণ্টন কৰিছে।প্ৰতিখন গাঁও ৰূপান্তৰণৰ বাবদ ৫০০লাখ টকাকৈ ধাৰ্য্য কৰা হৈছে যদিও ২০১৭-১৮ বৰ্ষত মুঠ ১২০০লাখ টকা আৱণ্টিত কৰে (গাঁৱে প্ৰতি ১০০লাখ টকাকৈ)।
আদৰ্শ গাঁও স্থাপনৰ উদ্দেশ্য সমূহ তলত উল্লেখ কৰা হল:
আদৰ্শ গাঁও স্থাপনৰ বাবে তলত উল্লেখ কৰা পদক্ষেপ সমূহ অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে :
বহনক্ষমতা |
উন্নত স্বাস্থ্য–গৰ্ভৱতী মহিলা আৰু শিশুৰ স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান |
বাস্তৱ আৰু তীক্ষ্ণ শিক্ষা |
সকলো অংশীদাৰৰ বাবে আৱাস নিৰ্মাণ আৰু জীৱিকাৰ বাবে দক্ষতা বৰ্ধন |
বিশুদ্ধ খোৱা পানী আৰু অনাময় ব্যৱস্থা |
পাৰিপাৰ্শ্বিক বহনক্ষমতা |
সমুদায় জড়িতকৰণ |
গাঁও উন্নয়নৰ বাবে পৰিকল্পনা |
নিৰ্বাচিত প্ৰতিনিধিক সক্ৰিয় ভাৱে জড়িত কৰি পৰিকল্পনাৰ বাবে সম্পদ আহৰণ কৰা |
দায়বদ্ধতা বৃদ্ধি কৰিবলৈ চৰকাৰী পুঁজি ব্যৱহাৰৰ পৰ্য্যবেক্ষণ কৰা |
ব্যক্তিগত আৰু সমুহীয়া আচৰণক প্ৰভাৱিত কৰা |
প্ৰযুক্তি |
চৰকাৰী সেৱা বিতৰণ কৰা |
কৃষকৰ সাহাৰ্য্যাৰ্থে আই.চি.টি. আৰু মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰ |
সম্পদ মানচিত্ৰকৰণৰ বাবে ৰিমট চেন্সিং আৰু বৰ্তি থকা সমলৰ সঠিক ব্যৱহাৰ কৰা |
ভুমি অভিলেখৰ আধুনিকীকৰণ কৰা |
পি.ডি.এছ., বিমা, পেঞ্চন আদিৰ দৰে সেৱা সমূহক সঠিক ভাৱে লক্ষ্য কৰি লবৰ বাবে বায়মেট্ৰিক্সৰ ব্যৱস্থা |
সংযোগ ব্যৱস্থা |
নগৰ আৰু অন্যান্য অঞ্চল সমূহৰ সৈতেপথ নিৰ্মাণৰ জৰিয়তে যোগাযোগ স্থাপন কৰা |
সহজ আৰু কম খৰচি যাতায়াতৰ ব্যৱস্থা কৰা |
ডিজিটেল সংযোগ আৰু মোবাইল সংযোগ স্থাপন কৰা |
অফ-গ্ৰীড নৱীকৰণযুক্ত উত্সৰ জৰিয়তে শক্তি সংযোগ বৃদ্ধি কৰা |
অৰ্থনৈতিক সংযোগ |
আদৰ্শ গাঁও সমূহ স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান সমূহ তলত উল্লেখ কৰা হল:
ক্ৰমিক নং | স্থান |
১ | ডিব্ৰু চৈখোৱা |
২ | বৰাক উপত্যকা |
৩ | কাজিৰঙা |
৪ | মাৰ্ঘেৰিটা |
৫ | চানডুবি |
৬ | গোলাঘাট |
৭ | গহপুৰ |
৮ | উল্টাপানী |
৯ | বাক্সা |
১০ | মাজুলী |
১১ | বাকা, উত্তৰ গুৱাহাটী |
১২ | মৰিগাঁও |
৪০ শতাংশতকৈ অধিক অনুসূচীত জাতি জনসংখ্যা বসবাস কৰা ১২খন বাচনি কৰা জৰীপ গাঁৱক আদৰ্শ গাঁৱলৈ ৰূপান্তৰ কৰিবৰ বাবে অসম চৰকাৰে ২০১৭-১৮বৰ্ষত বাজেট আৱণ্টিত কৰিছে।
লক্ষ্য আৰু উদ্দেশ্য:-
• ৪০ শতাংশতকৈ অধিক অনুসূচীত জাতি জনবসতি থকা গাঁৱক আদৰ্শ গাঁও হিচাপে প্ৰতিষ্ঠা কৰি এনে গাঁও সমূহত সংহত উন্নয়ন সুনিশ্চিত কৰা যাতে বাসিন্দা সকলো তেঁওলোকৰ সামগ্ৰিক আৰ্থ-সামাজিক উন্নয়নৰ বাবে প্ৰয়োজনীয় বস্তুগত আৰু সামাজিক আন্তঃগাঠনি লাভ কৰিব পাৰে।
• মীন, বয়ন শিল্প, আধুনিক কৃষি পদ্ধতি, উদ্যান কৃষিৰ আদিৰ দৰে প্ৰকল্প ৰূপায়ন কৰি উপাৰ্জন বৃদ্ধিৰ পথ প্ৰদানৰ জৰিয়তে অনুসূচীত জাতিৰ লোক সকলৰ সৱলীকৰণ কৰা।
• এই গাঁও সমূহৰ অনুসূচীত জাতিৰ ৰাইজৰ আৱাস গৃহ সমূহৰ উন্নতি সাধন কৰা আৰু স্বচ্ছ পৰিবেশ গঢ়ি তোলা।
আদৰ্শ গাঁৱৰদৃষ্টি:- আদৰ্শ গাঁও হৈছে পৰ্য্যাপ্ত ৰূপত বস্তুগত আৰু প্ৰতিষ্ঠানিক আন্তঃগাঠনি, যাৰ জৰিয়তে সকলো শ্ৰেণীৰ লোকৰ নুন্যতম প্ৰয়োজন খিনি উপলব্ধ কৰোৱা হয়, যত তেঁওলোকে ঐক্যতা আৰু সম্প্ৰিতীৰে বসবাস কৰিব পাৰে আৰু লগতে পাৰিপাৰ্শ্বিকতা আৰু উন্নয়নশীল তথা ক্ষমতাপূৰ্ণ এখন গাঁৱৰ সৈতেও সহবাস কৰিব পাৰে।এক মৰ্য্যদা সম্পন্ন জীৱন-যাপন কৰিবৰ বাবে এনে গাঁও সমূহক সকলো প্ৰকাৰৰ প্ৰয়োজনীয়তাৰে পৰিপূৰ্ণ কৰি তোলা হয়। অনুসূচীত জাতি অধ্যুষিত এনে বাচনি কৰা জৰীপ গাঁও সমূহত বিভিন্ন প্ৰকল্প/আঁচনি ৰূপায়নৰ বাবে গাঁৱে প্ৰতি ১০০লাখ টকাকৈ পুঁজি ব্যয় কৰা হব আৰু ৫লাখ টকাকৈ আকস্মিক ব্যয় হিচাপে ব্যৱহাৰ কৰা হব।(১০০লাখ টকা + ৫লাখ টকা = ১০৫লাখ টকা)
২০১৬-১৭বৰ্ষত তলত উল্লেখ কৰা আদৰ্শ গাঁও আঁচনি সমূহ হাতত লোৱা হৈছিল আৰু এই ক্ষেত্ৰত অসম চৰকাৰৰ ডব্লিও.পি.টি. আৰু বি.চি. বিভাগে মঞ্জুৰী প্ৰদান কৰিছিল। বৰ্তমানে চলি থকা কাৰ্য্য সমূহ:
১ | কামৰূপ জিলাৰ হাজো অঞ্চলৰ কৈবৰ্ত্যতলা অনুসূচীত জাতিগাঁৱত মীন পালন
|
২ | বিশ্বনাথ চাৰিআলি জিলাৰ ৰঙচালি অনুসূচীত জাতিগাঁৱত বয়নশিল্প কেন্দ্ৰ
|
৩ | মাজুলী জিলাৰ বৰমুকুলি অনুসূচীত জাতিগাঁৱত মীন পালন
|
৪ | মাজুলী জিলাৰ আমলখিগুৰি অনুসূচীত জাতিগাঁৱত মীন মহল
|
৫ | মাজুলী জিলাৰ অশোকগুৰি দা ধৰা অনুসূচীত জাতিগাঁৱত বয়নশিল্প কেন্দ্ৰ
|
৬ | মৰিগাঁও জিলাৰ জাগিৰোড, উত্তৰ ধৰমতোলৰ বঙালধৰা অনুসূচীত জাতিগাঁৱত এক ষ্টকিং টেংক নিৰ্মাণ
|
৭ | মৰিগাঁও জিলাৰ জাগিৰোড, উত্তৰ ধৰমতোলৰ বৰবৰি অনুসূচীত জাতিগাঁৱত এক ষ্টকিং টেংক নিৰ্মাণ
|