জনজাতি উপ-পৰিকল্পনা হৈছে কেন্দ্ৰই নিৰ্দ্ধাৰণ কৰা এক আঁচনি। অসমৰ বি.পি.এল. এছ.টি.(পি.) পৰিয়ালক সাঙুৰি সেই পৰিয়াল বোৰৰ উপাৰ্জন বৃদ্ধিৰ বাবে পৰিয়াল কেন্দ্ৰিক উপাৰ্জন সৃষ্টি আঁচনি(এফ.ও.আই.জি.এছ.) ৰূপায়ন কৰা হয় আৰু ইয়াৰ অধীনত হিতাধিকাৰী সকলক উপাৰ্জন বৃদ্ধি অথৱা তেঁওলোকৰ আত্ম নিয়োগৰ বাবে পাৱাৰ টিলাৰ, ট্ৰেক্টৰ, ২৫,০০০/- টকাৰ অনুদানো আগবঢ়োৱা হয়। এই আঁচনিৰ জৰিয়তে জনজাতীয় লোক সকলৰ মাজত আত্ম নিয়োগৰ সুবিধা সৃষ্টি কৰি দৰিদ্ৰতা আতৰ কৰাৰ এক প্ৰয়াশ কৰা হৈছে। উক্ত আঁচনিৰ অধীনত ভাৰত চৰকাৰে এছ.চি. সকলৰ বাবে বিশেষ কেন্দ্ৰীয় সাহাৰ্য্য হিচাপে এশ শতাংশ অনুদান সাহাৰ্য্য হিচাপে পুঁজি আগবঢ়াই।
ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে ৰাজ্যলৈ অনুসূচীত জাতিৰ বাবে বিশেষ উপাদান পৰিকল্পনাৰ প্ৰতি অতিৰিক্ত হিচাপে বিশেষ কেন্দ্ৰীয় সাহাৰ্য্য প্ৰদান কৰে যাৰ জৰিয়তে অনুসূচীত জাতিৰ লোকৰ বৃত্তিগত পদ্ধতিৰ বিকাশ ঘটাই আৰু লগতে তেওঁলোকৰ উত্পাদন ক্ষমতা বৃদ্ধি কৰি সীমিত সম্পদৰ সৈতে উপাৰ্জন বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হৈছে। এছ.চি.এ.ৰ অধীনত অনুসূচীত জাতি অধ্যুষিত এলেকা সমূহত পৰিয়াল কেন্দ্ৰিক উপাৰ্জন সৃষ্টি আঁচনি(এফ.ও.আই.জি.) আৰু আন্তঃগাঠনি উন্নয়ন আঁচনিসমূহ ৰূপায়ন কৰা হয়।
এছ.চি.এছ.পি.ৰ প্ৰতি ব্যৱহাৰ কৰা বিশেষ কেন্দ্ৰীয় সাহাৰ্য্যৰ বিষয়ে অসম ৰাজ্যক প্ৰদৰ্শন কৰা বিৱৰণী তলত উল্লেখ কৰা হল:
বৰ্ষ | প্ৰাৰম্ভিক জমাৰাশি | ভাৰত চৰকাৰে মুকলি কৰা এছ.চি.এ. | ৰাজ্য চৰকাৰৰ সৈতে উপলব্ধ মুঠ এছ.চি.এ. | ৰাজ্য চৰকাৰে সঞ্চালকালয়ক মুকলি কৰি দিয়া এছ.চি.এ. | ৰাজ্য চৰকাৰৰ সৈতে উপলব্ধ ব্যয় নকৰা ধনৰাশি | মন্তব্য |
২০০৮-০৯ | ৬৭৪.৯২ | ১০৮৯.০৪ | ১৭৬৩.৯৬ | ৭৫১.৫৫ | ১০১২.৪১ |
|
২০০৯-১০ | ১০১২.৪১ | ২৪৯.২২ | ১২৬১.৬৩ | ৯৬০.৩৬ | ৩০১.২৭ |
|
২০১০-১১ | ৩০১.২৭ | ৬৬২.৯৭ | ৯৪৬.২৪ | ২৬৫.০০ | ৬৯৯.২৪ |
|
২০১১-১২ | ৬৯৯.২৪ |
|
|
|
| পুঁজি মুকলি কৰি দিবৰ বাবে চৰকাৰক ৬৫৬.১৯লাখ টকাৰ প্ৰস্তাৱ প্ৰদান |