মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Department of Tribal Affairs (Plain)

কেন্দ্ৰীয়/ৰাজ্যিক পৃষ্ঠপোষকীয় আঁচনি সমূহ

অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণৰ কাৰণে আঁচনিসমূহ

ৰাজ্যিক পৰিকল্পনাৰ অধীনষ্ঠ আঁচনিসমূহ:

(১. পৰিয়াল কেন্দ্ৰীক আয় বৰ্ধন আঁচনিঃ এই আঁচনিৰ অধীনত দৰিদ্ৰ সীমাৰ তলৰ অন্যান্য পিছপৰা শ্ৰেণীৰ পৰিয়ালবোৰক তেঁওলোকৰ আৰ্থিক পৰিস্থিতিৰ উন্নয়ন আৰু আত্মনিয়োগৰ সুবিধা সৃষ্টিৰ বাবে সমল প্ৰদান কৰা হয়।

২.উন্নয়ন পৰিষদঃ বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়নৰ বাবে ৰাজ্যিক পৰিকল্পনাৰ অধীনত জি.আই.এ. হিচাপে বিভিন্ন উন্নয়ন পৰিষদলৈ পুঁজিমুকলি কৰি দিয়া হয়।

৩. অসম বিকাশ যোজনা আৰু মুখ্য মন্ত্ৰীৰ বিশেষ নিয়োগ সৃষ্টিৰ কাৰ্য্যক্ৰমঃ এই আঁচনিৰ অধীনত অন্যান্য পিছপৰা শ্ৰেণীৰ পৰিয়ালৰ বাবে আত্ম নিয়োগৰ সুবিধা সৃষ্টিৰ উদ্দেশ্যে পুঁজি প্ৰদান কৰা হয় অথৱা কাৰ্য্যক্ৰম হাতত লোৱা হয়। অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত নিবনুৱা যুৱক-যুৱতীৰ বাবে আত্মনিয়োগৰ বিভিন্ন আঁচনি হাতত লোৱা হয়।

৪. অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত দক্ষতা বৃদ্ধি কাৰ্য্যক্ৰমৰ প্ৰশিক্ষাৰ্থীৰ বাবে আত্ম নিয়োগৰ ব্যৱস্থা।

৫. অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কোচিংৰ সুবিধা।

কেন্দ্ৰীয় পৃষ্ঠপোষকীয় আঁচনি সমূহ:

১. প্ৰাক-মেট্ৰিক জলপানিঃ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ ৫০:৫০ অনুপাতৰ ব্যয় বহন ভিত্তিক ই হৈছে এক কেন্দ্ৰীয় পৃষ্ঠপোষকীয় আঁচনি।

২. পৰৱৰ্তী-মেট্ৰিক জলপানিঃ ভাৰত চৰকাৰে ১০০ শতাংশ ব্যয় বহন কৰা ই হৈছে এক কেন্দ্ৰীয় পৃষ্ঠপোষকীয় আঁচনি।

৩. ছাত্ৰাৱাস আৰু ছাত্ৰীৱাস নিৰ্মাণঃ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ ৫০:৫০ অনুপাতৰ ব্যয় বহন ভিত্তিক ই হৈছে এক কেন্দ্ৰীয় পৃষ্ঠপোষকীয় আঁচনি।

অনুসূচীত জাতিৰ কল্যাণৰ বাবে আঁচনিসমূহ

ৰাজ্যিক পৰিকল্পনাৰ অধীনষ্ঠ আঁচনি সমূহ:

১. প্ৰাক-মেট্ৰিক জলপানিঃ অসম চৰকাৰে ১০০শতাংশ ব্যয় বহন কৰা ই হৈছে ৰাজ্যিক পৰিকল্পনাৰ অধীনষ্ঠ এক আঁচনি।

২. আই.টি.আই. ত কাৰিকৰী প্ৰশিক্ষণৰ বাবে বেতন প্ৰদানঃই হৈছে ৰাজ্যিক পৰিকল্পনাৰ অধীনষ্ঠ এক আঁচনি আৰু অসমৰ বিভিন্ন আই.টি.আই.ত নাম ভৰ্তি কৰা অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰী সকলক চৰকাৰী নিয়ম আৰু প্ৰক্ৰিয়া অনুসৰি বেতন প্ৰদান কৰা হয়।

৩. বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানলৈ অনুদানঃ ৰাজ্যিক পৰিকল্পনাৰ অন্তৰ্গত এইআঁচনিৰ অধীনত,সেইবোৰ বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানক আঁচবাব ক্ৰয় বা মেৰামতি, বিদ্যালয় ভৱন নিৰ্মাণ আদিৰ বাবে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয় যিবোৰ শিক্ষানুষ্ঠান অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নয়নৰ সৈতে জড়িত।

৪. শিক্ষামূলক ভ্ৰমণকে ধৰি সাংস্কৃতিক কাৰ্য্যক্ৰমৰ বাবে অনুদানঃ এইয়া হৈছে ৰাজ্যিক পৰিকল্পনাৰ অধীনষ্ঠ এক আঁচনি।এই আঁচনিৰ উদ্দেশ্য হৈছে সাংস্কৃতিক মনোবৃত্তি গঢ়ি তোলা আৰু লগতে ৰাজ্যৰ বাহিৰে-ভিতৰে ভ্ৰমণ কৰাৰ সুবিধা প্ৰদান কৰি অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ ভাণ্ডাৰ বৃদ্ধি কৰা।

৫. বেচৰকাৰী সংগঠনৰ বাবে অনুদানঃ এই আঁচনিৰ উদ্দেশ্য হৈছে অনুসূচীত জাতিৰ জনসাধাৰণৰ উন্নয়নৰ হকে তেঁওলোকৰ মাজত থাকি কাম কৰা বেচৰকাৰী সংগঠন সমূহক উত্সাহিত কৰা।

৬. আন্তঃ জাতিগত বিবাহৰ ক্ষেত্ৰত আৰ্থিক সাহাৰ্য্য প্ৰদানঃ সমাজৰ পৰা জাতি-ভেদৰ ভাৱ আঁতৰ কৰাটোৱেই হৈছে এই আঁচনিৰ মূল উদ্দেশ্য। সাধাৰণ শ্ৰেণী আৰু অনুসূচীত জাতিৰ লোকৰ মাজত বিবাহ সম্পন্ন হলেই তেনে লোকক আৰু লগতে তেঁওলোকৰ অভিভাৱককো এই আঁচনিৰ অধীনত নগদ ধনৰ বঁটা প্ৰদান কৰা হয়।

৭. অনুসূচীত জাতিৰ যুৱ প্ৰজন্মৰ বাবে কম্পিউটাৰ প্ৰশিক্ষণঃ এই আঁচনিৰ অধীনত শিক্ষিত নিবনুৱা অনুসূচীত জাতিৰ যুৱক-যুৱতীক আত্ম-নিয়োজনৰ সুবিধা প্ৰদানৰ বাবে কম্পিউটাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।

৮. নিৱনুৱা অনুসূচীত জাতিৰ যুৱক-যুৱতীৰ বাবে আত্ম সহায়ক আঁচনিঃ অনুসূচীত জাতিৰ নিবনুৱা যুৱক-যুৱতীক আত্ম নিয়োগৰ সুবিধা প্ৰদানৰ উদ্দেশ্যৰে আঁচবাৱ প্ৰদান কৰাটোৱেই হৈছে এই আঁচনিৰ মূল উদ্দেশ্য।

(৯. অনুসূচীত জাতিৰ মহিলাৰ বাবে আত্ম সহায়ক আঁচনিঃ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ অনুসূচীত জাতিৰ মহিলাক তেঁওলোকৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে বিনামূলীয়া চিলাই মেচিন, এম্ব্ৰইডাৰী মেচিন, সূতা আদি প্ৰদান কৰি আত্ম-নিয়োগৰ সুবিধা প্ৰদান কৰাটোই এই আঁচনিৰ উদ্দেশ্য।

১০. কৰ্কট/কলেৰা বা অন্য মাৰাত্মক ৰোগত ভুগী থকা ৰোগীৰ বাবে অনুদানঃ এই আঁচনিৰ জৰিয়তে কৰ্কট, কলেৰা বা অন্য কোনো মাৰাত্মক ৰোগত ভুগী থকা আৰু লগতে ৰোগৰ চিকিত্সা কৰাৰ বাবে অপাৰগ দুখীয়া অনুসূচীত জাতিৰ ৰোগী সকলক চিকিত্সাৰ বাবে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়।

১১.বিদ্যালয় ভৱন/ৰাজহূৱা সভাগৃহ নিৰ্মাণঃ দুখীয়া পিছপৰা অনুসূচীত জাতি অধ্যুষিত এলেকাত ইয়াৰ জনসাধাৰণৰ সামাজিক উন্নয়ন সাধনৰ বাবে অনুদান প্ৰদানৰ জৰিয়তে বিদ্যালয় ভৱন আৰু ৰাজহুৱা সভাগৃহ নিৰ্মাণ কৰাটোৱেই এই আঁচনিৰ উদ্দেশ্য।

১২. মেধাসম্পন্ন অনুসূচীত জাতিৰ ছাত্ৰীৰ বাবে আৰ্থিক সাহাৰ্য্যঃ এই আঁচনিৰ উদ্দশ্য হৈছে অনুসূচীত জাতিৰ মহিলা সকলৰ মাজত উচ্চ শিক্ষাৰ জনপ্ৰিয়তা বৃদ্ধি কৰা। হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৬০ শতাংশ নম্বৰ লাভ কৰা অনুসূচীত জাতিৰ ছাত্ৰীক ১০,০০০ টকাকৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়।

১৩. অসম বিকাশ যোজনা আৰু মুখ্য মন্ত্ৰীৰ বিশেষ নিয়োগ সৃষ্টিকাৰী কাৰ্য্যক্ৰমঃ এই আঁচনিৰ অধীনত নিবনুৱা অনুসূচীত জাতিৰ যুৱক-যুৱতীক আত্ম নিয়োগৰ সুবিধা প্ৰদানৰ বাবে পুঁজি আৱণ্টন কৰা হৈছিল। অনুসূচীত জাতিৰ নিবনুৱা যৱক-যুৱতীৰ আত্ম নিয়োগৰ সুবিধা সৃষ্টিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হয়।

১৪. ড. বি.আৰ. আম্বেদকাৰ ভৱন নিৰ্মাণঃ সকলো জিলা/সদৰ মহকুমাতে অনুসূচীত জাতিৰ জনসাধাৰণৰ বাবে সভাগৃহ আৰু অতিথিশালাযুক্ত ড. বি.আৰ. আম্বেদকাৰ ভৱন নিৰ্মাণ কৰাৰ উদ্দেশ্যৰেই এই আঁচনি সৃষ্টি কৰা হৈছিল।

১৫. অনুসূচীত জাতিৰ প্ৰশিক্ষণাৰ্থী সকললৈ কম্পিওটাৰ প্ৰদানঃ অনুসূচীত জাতিৰপ্ৰশিক্ষৰ্থী সকলক কম্পিউটাৰ প্ৰদান কৰিবৰ বাবেই এই সঞ্চালকালয়ে ২০১০-১১ বৰ্ষত নতুনকৈ এই আঁচনি গ্ৰহণ কৰিছিল।

১৬. অনুসূচীত জাতিৰ অসম ৰাজ্যিক উন্নয়ন নিগম পৰিসীমিতলৈ অংশীদাৰী পুঁজিগত অৰিহনা প্ৰদানঃ অংশীদাৰী পুঁজিগত অৰিহনাৰ অধীনত ক্ৰমে ৫১শতাংশ : ৪৯শতাংশ অনুপাতৰ ভিত্তিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অনুসূচীত জাতিৰ অসম ৰাজ্যিক উন্নয়ন নিগম লিমিটেডৰ মালিকীস্বত্ব যুটীয়াভাৱে বহন কৰে।

১৭. জামাদাৰ সকলৰ বাবে আত্ম নিয়োগ আঁচনিঃ এই আঁচনিৰ মূল উদ্দেশ্য হৈছে জামাদাৰ সকলৰ পৰিয়াল সকলক আত্ম নিয়োগৰ সুবিধা প্ৰদানৰ উদ্দেশ্যৰে আঁচবাৱ প্ৰদান কৰা।

কেন্দ্ৰীয় পৃষ্ঠপোষকীয় আঁচনি সমূহ:

১. ছাত্ৰাৱাস নিৰ্মাণঃ ৫০:৫০ অনুপাতে ব্যয় বহন কৰা এইয়া হৈছে এক কেন্দ্ৰীয় পৃষ্ঠপোষকীয় আঁচনি। ইয়াৰ মূল উদ্দেশ্য হৈছে অনুসূচীত জাতিৰ ছাত্ৰসকলৰ বাবে ছাত্ৰাৱাসাৰ সুবিধা প্ৰদান কৰা। এই আঁচনিক বৰ্তমান “বাবু জগজীৱন ৰাম ছাত্ৰাৱাস যোজনা” হিচাপে নামাংকৃত কৰা হৈছে।

(২. ছাত্ৰীৱাস নিৰ্মাণঃ সম্পূৰ্ণ ১০০ শাতংশই ব্যয় বহন কৰা এইয়া হৈছে কেন্দ্ৰীয় সাহাৰ্য্যপ্ৰাপ্ত এক আঁচনি। এই আঁচনিক বৰ্তমান “বাবু জগজীৱন ৰাম ছাত্ৰাৱাস যোজনা” হিচাপে নামাংকৃত কৰা হৈছে।

৩. স্বাস্থ্য বিপত্তিযুক্ত চাফাই কৰ্মত নিয়োজিত অভিভাৱক সকলৰ লৰা-ছোৱালীৰ বাবে প্ৰাক-মেট্ৰিক জলপানিঃ এইয়া হৈছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত থকা ৫০:৫০ অনুপাতৰ ব্যয় বহনকাৰী এক কেন্দ্ৰীয় পৃষ্ঠপোষকীয় আঁচনি।

৪. অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ ওপৰত অতিশায্য ৰোধ কৰাঃ অতিশায্য প্ৰতিৰোধ আইন, ১০৮৯ৰ অধীনতএই আঁচনিৰ জৰিয়তে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ ওপৰত চলা অতিশায্যৰ বিৰুদ্ধে সজাগতা বৃদ্ধি আৰু পৰ্য্যবেক্ষণ কৰা হয়।

৫. অনুসূচীত জাতিৰ বাবে কোচিং আৰু আনুসাংগিক আঁচনিঃ এইয়া হৈছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত থকা ৫০:৫০ অনুপাতৰ ব্যয় বহনকাৰী এক কেন্দ্ৰীয় পৃষ্ঠপোষকীয় আঁচনি। এই আঁচনিৰ অধীনত সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ দিশত আগবঢ়া অনুসূচীত জাতিৰ যুৱক-যুৱতীক কোচিং আদিৰ সুবিধা প্ৰদান কৰা হয়।

৬. পৰৱৰ্তী মেট্ৰিক জলপানি আৰু পুথি ভাণ্ডাৰঃ এইয়া হৈছে অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সৱলীকৰণৰ বাবে ভাৰত চৰকাৰে হাতত লোৱা আটাইতকৈ ডাঙৰ পদক্ষেপ।

৭. মেট্ৰীকৰ পৰৱৰ্তী পৰ্য্যায় আৰু মাধ্যমিক বৰ্গৰ অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাটোৱেই এই আঁচনিৰ মূল উদ্দেশ্য। নিৰ্দ্দেশনা অনুযায়ী যোগ্য সকলক তেঁওলোকৰ শিক্ষা সম্পূৰ্ণ কৰাৰ বাবে সক্ষম কৰি তোলা। তত্বাৱধান, ভাট্টা,ঘুৰাই নোপোৱা বাধ্যতামূলক মাচুল সমূহ পৰিশোধ কৰা, পুথিভাণ্ডাৰৰ সুবিধা প্ৰদান কৰা আৰু অন্যান্য ভাট্টা প্ৰদান কৰা আদিবোৰ এই জলপানিৰ অন্তৰ্গত। এই জলপানি সমূহ ছাত্ৰ-ছাত্ৰী সকলৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ প্ৰেৰণ কৰা হয়।

৮. অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ মেধাৰ উন্নিতকৰণঃ এইয়া হৈছে ১০০ শতাংশ আৰ্থিক সাহাৰ্য্য প্ৰদানকাৰী এক কেন্দ্ৰীয় পৰিকল্পনাধীন আঁচনি। এই আঁচনিৰ উদ্দেশ্য হৈছে অসমৰ বিভিন্ন শিক্ষানুষ্ঠানত বিশেষ টিউচনৰ সুবিধা প্ৰদান কৰি অনুসূচীত জাতিৰছাত্ৰ-ছাত্ৰীৰ মেধাৰ উত্কৰ্ষ সাধন কৰা।

অনুসূচীত জনজাতিৰ কল্যাণমূলক আঁচনি

ৰাজ্যিক পৰিকল্পনাধীন আঁচনি সমূহ:

১. অনুসূচীত জনজাতিৰ শ্ৰেণীৰ বাবে প্ৰাক মেট্ৰিক জলপানিঃঅসম চৰকাৰে এশ শতাংশই ব্যয় বহনকৰা এইয়া হৈছে এক ৰাজ্যিক পৰিকল্পনাধীন আঁচনি।

২. অসম বিকাশ যোজনা আৰু মুখ্য মন্ত্ৰীৰ বিশেষ নিয়োগ সৃষ্টি কাৰ্য্যক্ৰমঃ এই আঁচনিৰ অধীনতঅনুসূচীত জনজাতিৰঅন্তৰ্গত যুৱক-যুৱতীৰ বাবে আত্ম নিয়োগৰ সুবিধা সৃষ্টি কৰিবলৈ কাৰ্য্যক্ৰম হাতত লোৱা হয়। এই সকল যুৱক-যুৱতীৰ আত্ম নিয়োগৰ বাবে ইতিমধ্যেই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে।

৩.কৰ্কট/কলেৰা বা অন্য মাৰাত্মক ৰোগত ভুগী থকা ৰোগীৰ বাবে অনুদানঃ এই আঁচনিৰ জৰিয়তে কৰ্কট, কলেৰা বা অন্য কোনো মৰাত্মক ৰোগত ভুগী থকা আৰু লগতে ৰোগৰ চিকিত্সা কৰাৰ বাবে অপাৰগ দুখীয়া অনুসূচীত জনজাতিৰ ৰোগী সকলক চিকিত্সাৰ বাবে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়।

৪. মেধাসম্পন্ন অনুসূচীত জনজাতিৰছাত্ৰ-ছাত্ৰীৰ বাবে আৰ্থিক অনুদানঃ অনুসূচীত জনজাতিৰছাত্ৰ-ছাত্ৰী সকলক,যি হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৬০শতাংশ নম্বৰ লাভ কৰে, এই আঁচনিৰ অধীনত আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়।

৫.কাৰিকৰী প্ৰশিক্ষণৰ বাবে বেতন ব্যৱস্থাঃ এইয়া হৈছে এক ৰাজ্যিক আঁচনি আৰু ইয়াৰ অধীনত অসমৰ আই.টি.আই.ত নাম ভৰ্তি কৰা অনুসূচীত জনজাতিৰ ছাত্ৰ-ছাত্ৰী সকলক কাৰিকৰী প্ৰশিক্ষণ গ্ৰহণৰ বিপৰীতে বেতন প্ৰদান কৰা হয়।

কেন্দ্ৰীয় পৃষ্ঠপোষকীয় আঁচনি:

১. পোষ্ট-মেট্ৰিক জলপানিঃএই আঁচনি অনুসূচীত জনজাতিৰ(ভৈ) ছাত্ৰ-ছাত্ৰী সকলৰ বাবেহে উপলব্ধ। ভাৰত চৰকাৰে সম্পূৰ্ণ ব্যয় বহন কৰা এইয়া হৈছে এক কেন্দ্ৰীয় আঁচনি।

২. চিকিত্সা, অভিযান্ত্ৰিক আৰু কৃষি বিষয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পুস্তিকা ভাণ্ডাৰঃ বিভিন্ন কাৰিকৰী শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি থকা অনুসূচীত জনজাতিৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰী সকলক এই আঁচনিৰ অধীনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৫০:৫০ অনুপাতত খৰচ বহনৰ জৰিয়তে সকলো পাঠ্য-পুথি প্ৰদান কৰে।

৩. ছাত্ৰাৱাস নিৰ্মাণঃ ই হৈছে এক কেন্দ্ৰীয় আঁচনি যত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৫০:৫০ অনুপাতত খৰচ ব্যয় কৰে।

৪. ছাত্ৰীৱাস নিৰ্মাণঃ কেন্দ্ৰীয় পৃষ্ঠপোষকীয় এই আঁচনিৰ বাবত ভাৰত চৰকাৰে ১০০শাতাংশই ব্যয় বহন কৰে।

৫. ক্ষুদ্ৰ বনজ উত্পাদনঃ যি সকল জনজাতিয় লোকে ক্ষুদ্ৰ বনজ উত্পাদন আৰু এই উত্পাদন বজাৰত বিক্ৰী কৰা কাৰ্য্যৰ সৈতে জড়িত সেইসকল উত্পাদনকাৰীলৈ আৰ্থিক সাহাৰ্য্য প্ৰদানৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে অসম ৰাজ্যিক জনজাতিয় উন্নয়ন নিগম, চমুকৈ এ.পি.টি.ডি.চি.লৈ পুঁজি প্ৰেৰণ কৰে।

৬. অনুসূচীত জনজাতিৰছাত্ৰ-ছাত্ৰী সকললৈ কেন্দ্ৰীয়/ৰাজ্যিক অসামৰিক সেৱা তথা অন্যান্য আনুসাংগিক পৰীক্ষাৰ বাবে কোচিংৰ ব্যৱস্থাঃ

- ভি.টি.চি.ৰ জৰিয়তে বৃত্তিগত প্ৰশিক্ষণ (কেন্দ্ৰীয় খণ্ডৰ আঁচনি)- ইয়াত আন আন জিলাত মুঠ দহটা ভি.টি.চি. আছে যিবোৰ এ.টি.ডি.এ.ৰ জৰিয়তে পৰিচালনা কৰা হয়, যত প্ৰতি বছৰে পাঁচটা বিষয়ৰ ওপৰত ১,০০০জনকৈ প্ৰশিক্ষণাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰা হয়।

-অনুসূচীত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ মেধাৰ বিকাশঃ ভাৰত চৰকাৰে ১০০শতাংশই ব্যয় বহন কৰা ই হৈছে এক কেন্দ্ৰীয় খণ্ডৰ আঁচনি। এই আঁচনিৰ উদ্দেশ্য হৈছে অসমৰ বিভিন্ন শিক্ষানুষ্ঠানত বিশেষ টিউচন লাভৰ সুবিধা প্ৰদান কৰি অনুসূচীত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ মেধাৰ বিকাশ ঘটোৱা।