মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Department of Tribal Affairs (Plain)

বড়োলেণ্ড আঞ্চলিক পৰিষদ

এক সংক্ষিপ্ত পৰিচয়

  • এলেকা- ৮৯৭০ বৰ্গ কি.মি.
  • জনসংখ্যা- ৩১,৫৫,৩৫৯
  • জিলা- ৪ খন, যেনে- কোকৰাঝাৰ, বাক্সা, চিৰাং আৰু ওদালগুৰি
  • অসামৰিক মহকুমা- ৬ খন
  • সাক্ষৰতা হাৰ- ৭১.৬২ শতাংশ
  • মুঠ গাঁৱৰ সংখ্যা- ৩০৭৯ খন
  • মুঠ ৰাজহ গাওঁ- ২৮৯০ খন
  • ট্ৰাইবেল বেল্ট আৰু খণ্ড গাওঁ- ২২৭২ খন
  • ট্ৰাইবেল বেল্ট আৰু খণ্ডৰ বাহিৰৰ গাওঁ- ৬১৮ খন
  • বনাঞ্চল গাওঁ- ১৮৯ খন
  • বনাঞ্চল এলেকা- ৩২৩৪ বৰ্গ কি.মি.
  • ৰাজহ এলেকা- ৫৭৩৬ বৰ্গ কি.মি.

বি.টি.চি. গঠন আৰু ইয়াৰ উদ্দেশ্যাৱলী

ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো লিবাৰেচন টাইগাৰ্চৰ মাজত ২০০৩বৰ্ষৰ ১০ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত হোৱা এক চুক্তিৰ আধাৰত সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত ২০০৩চনত বড়োলেণ্ড আঞ্চলিক পৰিষদৰ গঠন হৈছিল যাতে বি.টি.চি. এলেকাৰ বড়ো জনজাতিয় লোক সকলৰ অৰ্থনৈতিক, শৈক্ষিক আৰু ভাষাগত উন্নয়নৰ লগতে তেঁওলোকৰ ভূমিৰ অধিকাৰ, সামাজিক-সাংস্কৃতিক আৰু জাতিগত পৰিচয় সুৰক্ষিত হয়, তাৰোপৰি বি.টি.চি. এলেকাত আন্তঃগাঠনি নিৰ্মাণৰ গতিও যাতে তৰান্বিত কৰিব পাৰি।

এই পৰিষদৰ মূল উদ্দেশ্য হৈছে অসমৰ আটাইতকৈ পিছপৰা অঞ্চল হিচাপে বিবেচিত এই এলেকা সমূহত বড়ো লোক সকলৰ শৈক্ষিক, ভূমিৰ অধিকাৰ সুৰক্ষা, ভাষিক প্ৰত্যাশা, সাংস্কৃতিক আৰু ইয়াৰ জাতিগত পৰিচয় সুৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি উন্নয়নৰ গতিক এক নতুন মাত্ৰা প্ৰদান কৰা।

ইয়াৰোপৰি, বি.টি.চি. কতৃপক্ষই জাতি-বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে দেশৰ এই অঞ্চলত বসবাস কৰা সকলো নিপীড়িত লোকৰে উন্নয়নৰ হকে অৰ্থনৈতিক আন্তঃগাঠনি নিৰ্মাণৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰিছে।

বি.টি.চি. এলেকাত বসবাস কৰা সম্প্ৰদায় সমূহ

বড়ো, অসমীয়া, বঙালী, কোচ-ৰাজবংশী, ৰাভা, গাড়ো, আদিৱাসী, মুছলমান আৰু নেপালী ইত্যাদি।

পৰিষদীয় এলেকাত থকা প্ৰাকৃতিক সম্পদ সমূহ

হিমালয়াৰ পৰা সৃষ্টি হৈ ব্ৰহ্মপুত্ৰ নদীত মিলিত হোৱা চেঁচা পানীৰ নদ-নদী, সুন্দৰ পাহাৰ, বৈচিত্ৰময় জীৱ আৰু পক্ষীকুল আৰু লগতে বহু সংখ্যক পৰ্য্যটনস্থলীৰে আৱৰা এই পৰিষদীয় এলেকা। পৰিষদৰ এক তৃতীয়াংশ অঞ্চলেই বনাঞ্চল, মনোনীত সংৰক্ষিত বনাঞ্চল আৰু বন্য জীৱৰে ভৰা অভয়াৰণ্যৰে আগুৰা।

এই পৰিষদীয় এলেকা হৈছে বিশেষকৈ এক কৃষি প্ৰধান অঞ্চল যত বিভিন্ন শষ্যৰ খেতি কৰা হয় আৰু ইয়াৰ ভিতৰত প্ৰধান হৈছে ধান খেতি।

বি.টি.চি.ৰ ক্ষমতা আৰু কাৰ্য্যাৱলী

  • স্থানান্তৰ কৰা বিষয় সন্দৰ্ভত থকা ক্ষমতা

    পৰিষদক স্থানান্তৰ কৰা বিষয় সমূহৰ ক্ষেত্ৰত, যিবোৰ তলত উল্লেখ কৰা হৈছে, পৰিষদৰ বৈধানিক ক্ষমতা আছে। এই বিষয় সমূহৰ ক্ষেত্ৰত পৰিষদে কাৰ্য্যকৰী, প্ৰশাসনীক আৰু বিত্তীয় ক্ষমতাও বহন কৰে।

    এই বিষয় সমূহ হৈছে:

    ১. কৃষি,

     

    ২. ভূমি সংৰক্ষণ

    ৩. পশু পালন আৰু পশু চিকিত্সা

     

    ৪. দুগ্ধ উন্নয়ন

    ৫. মীন মহল,

     

    ৬. বনাঞ্চল আৰু বন্য জীৱ

    ৭. বজাৰ আৰু মেলা

     

    ৮. সমবায়

    ৯. পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন

     

    ১০. ভূমি ৰাজহ আৰু ডি.এম.

    ১১. ডব্লিও.পি.টি. এণ্ড বি.চি.

     

    ১২. জলসিঞ্চন

    ১৩. জল সম্পদ

     

    ১৪. ক্ষুদ্ৰ উদ্যোগ

    ১৫. হস্ততাঁত আৰু বস্ত্ৰশিল্প

    ১৬. ৰেচমশিল্প

     

    ১৭. পথ আৰু দলং (গড়কাপ্তানি বিভাগ)

     

    ১৮. অন্য পৰিবহন সেৱা

    ১৯. জনজাতীয় গৱেষণা অনুষ্ঠান

     

    ২০. পৰ্য্যটন

    ২১. অৰ্থনীতি আৰু পৰিসংখ্যা

     

    ২২. খাদ্য আৰু অসামৰিক যোগান

    ২৩. আইনী পৰিমাপ

     

    ২৪. শিক্ষা

    ২৫. ক্ৰীড়া আৰু যুৱ কল্যাণ

    ২৬. কলা আৰু সংস্কৃতি (সাংস্কৃতিক কাৰ্য্যক্ৰম)

    ২৭. লটাৰী

     

    ২৮. চলচিত্ৰ/থিয়েটাৰ

    ২৯. পুথিভৰাল সেৱা

     

    ৩০. সংগ্ৰহালয় আৰু পুৰাতত্ব

    ৩১. স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সেৱা

    ৩২. পানী যোগান আৰু স্বাস্থ্যব্যৱস্থা

    ৩৩. নগৰ উন্নয়ন

     

    ৩৪. তথ্য আৰু জন সম্পৰ্ক

    ৩৫. উদ্যোগিক প্ৰশিক্ষণ অনুষ্ঠানকে ধৰি শ্ৰম আৰু নিয়োগ

    ৩৬. আবকাৰী

    ৩৭. সমাজ কল্যাণ আৰু পুষ্টি

     

    ৩৮. মুদ্ৰণ আৰু লেখন সামগ্ৰী

    ৩৯. জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন

    ৪০. সাহায্য আৰু পুনৰ সংস্থাপন (এতিয়ালৈ স্থানান্তৰ কৰা হোৱা নাই)

     

  • কাৰ্য্যকৰী পৰিষদ

    ইয়াত এক কাৰ্য্যকৰী পৰিষদ আছে যত ১৪ জনতকৈ বেছি কাৰ্য্যকৰী সদস্য নাথাকে আৰু ইয়াৰে এগৰাকী মুখ্য আৰু এগৰাকী উপ মুখ্য কাৰ্য্যকৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰে।

    কাৰ্য্যকৰী পৰিষদত পৰ্য্যপ্ত হাৰত অ-জনজাতীয় প্ৰতিনিধিৰ দ্বাৰা প্ৰতিনিধিত্ব কৰাৰো ব্যৱস্থা থাকিব।

    প্ৰটোকলৰ ক্ষেত্ৰত বি.টি.চি. এলেকাত পৰিষদৰ মুখ্য আৰু উপ মুখ্য কাৰ্য্যকৰী সদস্য দুজনে কেবিনেট পৰ্য্যায়ৰ সন্মান আৰু কাৰ্য্যকৰী সদস্য সকলে ৰাজ্যিক মন্ত্ৰীৰ সন্মান লাভ কৰে।

    সন্মানীয় কাৰ্য্যকৰী সদস্য সকল (২০১৭-১৮) হল:-

    ক্ৰমিক নং

    নাম

    পদবী

    ০১

    শ্ৰী হাগ্ৰামা মহিলাৰী

     

    মুখ্য, বি.টি.চি.

    ০২

    শ্ৰী খাম্ফা বৰগিয়াৰী

     

    উপ মুখ্য, বি.টি.চি.

    ০৩

    শ্ৰী লাইমশ্ৰাই দৈমাৰী

     

    কাৰ্য্যকৰী সদস্য

    ০৪

    শ্ৰী বনজাৰ দৈমাৰী

     

    কাৰ্য্যকৰী সদস্য

    ০৫

    শ্ৰী ৰাজীৱ ব্ৰহ্ম

     

    কাৰ্য্যকৰী সদস্য

    ০৬

    শ্ৰী মৃত্যুঞ্জয় নাৰ্জাৰী

     

    কাৰ্য্যকৰী সদস্য

    ০৭

    শ্ৰী অলিন্দ্ৰ মুচাহাৰী

     

    কাৰ্য্যকৰী সদস্য

    ০৮

    শ্ৰী গণেশ কচাৰী

     

    কাৰ্য্যকৰী সদস্য

    ০৯

    শ্ৰী দানেশ্বৰ গয়াৰী

     

    কাৰ্য্যকৰী সদস্য

    ১০

    শ্ৰী অংশুমাইশুংৰু বড়ো

     

    কাৰ্য্যকৰী সদস্য

    ১১

    শ্ৰী দেৱেন বড়ো

     

    কাৰ্য্যকৰী সদস্য

    ১২

    শ্ৰী শ্যাম সুন্ধি

     

    কাৰ্য্যকৰী সদস্য

    ১৩

    শ্ৰী জগদীশ চৰকাৰ

     

    কাৰ্য্যকৰী সদস্য

    ১৪

    শ্ৰী মহেশ্বৰ বসুমতাৰী

     

    কাৰ্য্যকৰী সদস্য

     

  • কৰ্মচাৰীৰ ওপৰত নিয়ন্ত্ৰণ

    বি.টি.চি.লৈ স্থানান্তৰ কৰা আটাইবোৰ বিভাগৰ সৈতে জড়িত সকলো কৰ্মচাৰীৰ ওপৰত যিসকল পৰিষদীয় এলেকাতে কৰ্মৰত, পৰিষদৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে আৰু তেঁওলোকক পৰিষদীয় এলেকাৰ ভিতৰতে স্থানান্তৰ কৰাৰ ক্ষেত্ৰতো পৰিষদে ক্ষমতা বহন কৰে।

    এই বিষয়া সকলৰ এ.চি.আৰ. বি.টি.চি.ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা লিখা হয়।

  • নিযুক্তি প্ৰদানৰ অধিকাৰী

    অসম চৰকাৰে অনুসৰণ কৰা নিযুক্তিৰ নিয়ম অনুসৰিয়েই বি.টি.চি.ৰ নিয়ন্ত্ৰণত থকা পদসমূহত পৰিষদে নিযুক্তি প্ৰদান কৰাৰো ক্ষমতা বহন কৰে।কিন্তু,অসম লোক সেৱা আয়োগৰ দ্বাৰা অনুমোদিত পদ সমূহৰ ক্ষেত্ৰত উক্ত ক্ষমতা কাৰ্য্যকৰী নহয়।

    বি.টি.চি.এ কেন্দ্ৰীয় বাচনি পৰিষদ গঠন কৰিছে আৰু এই পৰিষদৰ অনুমোদনক্ৰমেই নিযুক্তি প্ৰক্ৰিয়া পৰিচালনা কৰে।

বড়োলেণ্ড আঞ্চলিক পৰিষদ বিধান সভা

নিষ্পত্তিৰ চুক্তি অনুসৰি সাধাৰণ পৰিষদলৈ ৪০বিধান সভাৰ পৰা ৪০গৰাকী সদস্য নিৰ্বাচিত হয়। ইয়াৰ বাহিৰেও, অসমৰ ৰাজ্যপালে প্ৰতিনিধিত্ব নকৰা সম্প্ৰদায় সমূহৰ ফালৰ পৰা দুগৰাকী মহিলাকে ধৰি মুঠছয় গৰাকী সদস্যক মনোনীত কৰে।

বড়োলেণ্ড আঞ্চলিক পৰিষদ বিধান সভাখনঅধ্যক্ষ, উপাধ্যক্ষ আৰু পৰিষদৰ অন্যান্য নিৰ্বাচিত এম.চি.এল.এ. সকলৰ দ্বাৰা গঠিত।

মাননীয় অধ্যক্ষ, উপাধ্যক্ষ (২০১৭-১৮) সকল হল:-

ক্ৰমিক নং

নাম

পদবী

০১

শ্ৰী ত্ৰিদীপ দৈমাৰী

 

অধ্যক্ষ

০২

শ্ৰী নেৰশ্বোৱান বড়ো

 

উপাধ্যক্ষ

 

কাৰ্য্যকৰী কাৰ্য্যাৱলীৰ কাৰ্য্যকৰণ

পৰিষদৰ কাৰ্য্যকৰী কাৰ্য্যাৱলীসমুহ ইয়াৰ এগৰাকী প্ৰধান সচিবৰ দ্বাৰা কাৰ্য্যকৰী কৰা হয় যাৰ পদমৰ্য্যদা অসম চৰকাৰৰ কোনো আয়ুক্ত/সচিবৰ সমতুল্য হয়।

অসম চৰকাৰৰ অনুমোদন প্ৰদানৰ ক্ষমতা বি.টি.চি.ৰ প্ৰধান সচিবৰ ওপৰত ন্যস্ত থাকিব আৰু কাৰিকৰী অনুমোদনকে ধৰি বিভাগীয় প্ৰমুখৰ অনুমোদনৰ ক্ষমতা বিভাগটোৰ আটাইতকৈ জ্যেষ্ঠ বিষয়া জনক অৰ্পন কৰা হব যাৰ পদমৰ্য্যদা অতিৰিক্ত সঞ্চালকতকৈ তলৰ হব নালাগিব আৰু তেঁওক বি.টি.চি.ৰ সেই বিভাগটোৰ সঞ্চালক হিচাপেও মনোনীত কৰা হব পাৰে।

বি.টি.চি.ৰ সামগ্ৰিক পৰামৰ্শাৱলী আৰু তত্বাৱধানত প্ৰধান সচিব আৰু অন্যান্য বিষয়া সকলে তেঁওলোকৰ ক্ষমতা প্ৰয়োগ কৰিব।

বড়োলেণ্ড আঞ্চলিক পৰিষদ সচিবালয়

বড়োলেণ্ড আঞ্চলিক সচিবালয়ৰ মূৰুব্বী হৈছে ইয়াৰ প্ৰধান সচিব, যি এগৰাকী ভাৰতীয় প্ৰশাসনীক সেৱা বিষয়া হোৱাটো বাঞ্চনীয় আৰু তেঁওক সহযোগ কৰে ছয় গৰাকী সচিব, দুগৰাকী যুটিয়া সচিব, দুগৰাকী উপ-সচিব, ৪ গৰাকী সচিবাধীন, ১০ গৰাকী অধীক্ষক যি সকলক সঁহাৰি প্ৰদান কৰে জ্যেষ্ঠ আৰু কনিষ্ঠ প্ৰশাসনীক সহকাৰীসকলে।

পুঁজিৰ হস্তান্তৰকৰণ নীতি আৰু প্ৰক্ৰিয়া

২০০৪ চনৰ ১৬ অক্টোবৰ তাৰিখৰ টি.এ.ডি./বি.টি.চি./২২২/০৩/৫১ নং কাৰ্য্যালয় চুক্তিৰ দফা (এ.)ত উল্লেখ থকা এম.ও.এছ. ২০০৩ৰ ৫.৮নং দফাৰ ভিত্তিত অনুসৰণ কৰা নীতি অনুসৰিহেবড়োলেণ্ড আঞ্চলিক পৰিষদলৈ পুঁজি হস্তান্তৰ কৰা হয়। এই নীতি হৈছে-অসম চৰকাৰে জনসংখ্যা অনুপাতে প্ৰতি বছৰে পুঁজিৰ পৰিমাণ ধাৰ্য্য কৰি ইয়াক অনুদান হিচাপে দুটা সমান কিস্তিত বি.টি.চি.ৰ উন্নয়নমূলক কাম-কাজৰ বাবে প্ৰদান কৰিব।

নিৰ্দিষ্ট খণ্ড আৰু দৰমহাৰ বাবত প্ৰয়োজন হোৱা পুঁজিবাদ দিয়াৰ পাছত বাকি থকা পৰিকল্পিত পুঁজি/এছ.ও.পি.ডি.ৰ ভিত্তিত ৰাজ্য চৰকাৰে বি.টি.চি.ৰ বাবে আনুপাতিক অংশ হিচাপ কৰি উলিয়ায়।

বি.টি.চি.ৰ বাবে এনেদৰে আৱণ্টিত কৰা পুঁজিৰ বিষয়ে পৰিষদক অৱগত কৰা হয় যাতে পৰিষদৰ বাজেট আৰু বাৰ্ষিক কৰ্ম পৰিকল্পনা প্ৰস্তুত কৰিব পৰা যায়।

ৰাজ্যিক বিধান সভাৰ মজিয়াত ৰাজ্যিক বাজেটত অনুমোদন জনোৱাৰ পাছত আৰু এই বাজেট ৰাজ্য চৰকাৰৰ দ্বাৰা আদান প্ৰদান কৰাৰ পাছত, ওপৰত উল্লেখ কৰা এম.ও.এছ.ৰ দফা অনুযায়ী এবছৰতে দুটাকৈ কিস্তিত অগ্ৰিম হিচাপত বহী স্থানান্তৰকৰণৰ জৰিয়তে বি.টি.চি.ৰ বাবে পুঁজি মুকলি কৰি দিয়া হয়।

আঁচনি তৈয়াৰ কাৰ্য্য

দীৰ্ঘদিনৰে পৰাই বি.টি.চি. এলেকাত বৰ্তি থকা অনুন্নয়নৰ স্থিতি আঁতৰ কৰাৰ উদ্দশ্যৰে আৰু লগতে ইয়াৰ জনসাধাৰণৰ আশা-আকাংশা সমুহ পূৰণ কৰাৰ বাবে উক্ত এলেকাৰ উন্নয়নমূলক প্ৰয়োজনৰ ভিত্তিত ইয়াৰ আঁচনি সমূহ তৈয়াৰ কৰা হয়। এই এলেকা দীৰ্ঘদিন ধৰি নিৰন্তৰ ভাৱে অনুন্নয়নৰ গৰাহত আছিল। ইয়াৰ বাবে এই অঞ্চলত এক বহনক্ষম উন্নয়নৰ ধাৰা বজাই ৰখাৰ বাবে চেষ্টাৰ চলোৱাৰ প্ৰয়োজন আছিল।

আঁচনি সমূহ তৈয়াৰ কৰোতে দায়িত্বন্যস্ত বিভাগবোৰৰ পাৰদৰ্শিতাৰ সদব্যৱহাৰ কৰা হয় আৰু নিৰ্বাচিত প্ৰতিনিধি/কাৰ্য্যকৰী সদস্য সকলো আঁচনি সমুহ বাচনি কৰাৰ ক্ষেত্ৰত জড়িত হৈ থাকে।

চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়া পৰামৰ্শাৱলী সমূহো এই আঁচনি সমূহ তৈয়াৰ কৰোতে আৰু লগতে ইয়াৰ ৰূপায়ন কৰাৰ ক্ষেত্ৰত অনুসৰণ কৰা হয়।

বি.টি.চি. এলেকাত বি.টি.চি. প্ৰধানৰ অধ্যক্ষতাত ইয়াত থকা বি.টি.চি. পৰিকল্পনা আৰু উন্নয়ন পৰিষদে পৰিষদীয় এলেকাৰ উন্নয়ন প্ৰক্ৰিয়াৰ পথ প্ৰদৰ্শন কৰে।

বাৰ্ষিক পৰিচালন/কৰ্ম পৰিকল্পনা

ৰাজ্য চৰকাৰৰ পৰা পুঁজি আৱণ্টন লাভ কৰাৰ পাছতে বি.টি.চি.এ ইয়াৰ অধীনষ্ঠ বিভাগ সমূহৰ সৈতে বিভাগ অনুযায়ী পুঁজিৰ আৱণ্টনৰ বিষয়ে অৱগত কৰে।

ইয়াৰ পাছতেই বিভাগ সমূহে বিভাগীয় পৰিচালন/কৰ্ম পৰিকল্পনা প্ৰস্তুত কৰি বাজেট প্ৰস্তাৱৰ সৈতে পৰিষদক জমা দিয়ে।

এই কৰ্ম পৰিকল্পনা সমূহ প্ৰস্তুত কৰোতে বি.টি.চি.ত ৰূপায়ন কৰিবলগীয়া আঁচনি সমুহকো সাঙুৰি লোৱা হয় যিবোৰ আঁচনি ৰূপায়নৰ পূৰ্বে পৰিষদীয় বিধান সভাতো মঞ্জুৰী লাভৰ বাবে উত্থাপন কৰা হয়।

বাজেট প্ৰস্তুতকৰণ

বড়োলেণ্ড আঞ্চলিক পৰিষদে দুই ধৰণৰ বাজেট প্ৰস্তুত কৰে –

ন্যস্ত কৰা বাজেট–প্ৰধানকৈ দৰমহাৰ সৈতে জড়িত ব্যয় বাজেট ইত্যাদি আৰু ৭৮নং অনুদানৰ অধীনষ্ঠ হস্তান্তৰ কৰা বিষয় সমূহৰ উন্নয়নমূলক কাম যিবোৰ ৰাজ্যিক বিধান সভাত মঞ্জুৰ কৰা হয়।

সাধাৰণ বাজেট প্ৰধানকৈ প্ৰশাসন, পৰিষদৰ নিজা ব্যয় আৰু ৰাজহৰ সৈতে জড়িত যি পৰিষদীয় বিধান সভাত মঞ্জুৰী লাভৰ বাবে উত্থাপন কৰা হয়।

ন্যস্ত কৰা বাজেটো বিশেষকৈ উন্নয়নমূলক কাম-কাজ সম্বন্ধীয়,পৰিষদীয় বিধান সভাত আলোচনা আৰু মঞ্জুৰী লাভৰ বাবে উত্থাপন কৰা হয়।

উন্নয়নমূলক কাম-কাজ(এছ.ও.পি.ডি. বাজেট) সম্বন্ধীয় ন্যস্ত কৰা বাজেটো পৰিষদীয় বিধান সভাত আলোচনা আৰু মঞ্জুৰী লাভৰ বাবে উত্থাপন কৰা হয়। চৰকাৰৰ এছ.ও.পি.ডি. আৱণ্টনৰ ওপৰত ভিত্তি কৰিয়েই এছ.ও.পি.ডি. বাজেট প্ৰস্তুত কৰা হয় যত প্ৰশাসনীক ব্যয় সম্বন্ধীয় বাজেটসঠিক নথি ভিত্তিক প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হয়।

আঁচনি সমূহৰ কাৰ্য্যকৰণ

ৰাজ্যিক বিধান সভাত বাজেট মঞ্জুৰী লাভ কৰাৰ পাছত আৰু বাজেট আৱণ্টন সম্পৰ্কে ৰাজ্য চৰকাৰৰ পৰা অৱগত হোৱাৰ পাছত কৰ্য্যকৰী বিভাগে প্ৰকল্প/আঁচনি সমূহৰ প্ৰশাসনীক মঞ্জুৰী প্ৰদানৰ কাম আৰম্ভ কৰে আৰু লগতে নিবিদা আহ্বান, কৰ্ম আদেশ প্ৰদান আদি কাৰ্য্যবোৰো আৰম্ভ কৰে।

অসম চৰকাৰে বি.টি.চি.ক উদ্দেশ্যি পুঁজি মুকলি কৰাৰ লগে লগেই, সেই পুঁজি নিয়মানুযায়ী প্ৰকল্প/আঁচনি ৰূপায়ন কৰাৰ উদ্দেশ্যৰে কাৰ্য্যকৰী বিভাগ সমূহলৈও মুকলি কৰি দিয়া হয়।

পৰ্য্যবেক্ষণ আৰু মূল্যাংকণ

বিভাগীয় সচিব সকলে এই আঁচনি সমূহৰ ৰূপায়ন কাৰ্য্যৰ অগ্ৰগতি পৰ্য্যবেক্ষণ কৰে, আনকি বি.টি.চি. পৰ্য্যায়তো ইয়াৰ প্ৰধান সচিবে এই অগ্ৰগতি পৰ্য্যবেক্ষণ কৰে যাতে আঁচনি/প্ৰকল্প সমূহৰ ৰূপায়ন কাৰ্য্যৰ ক্ষেত্ৰত থকা আসোৱাহ সমূহ আঁতৰ কৰি স্থিৰ কৰি লোৱা লক্ষ্যত উপনীত হব পৰা যায়।

নিয়মীয়া ব্যৱধানত বি.টি.চি.ৰ প্ৰধান সচিবৰ অধ্যক্ষতাত দুমাহৰ মূৰে মূৰে পৰ্য্যলোচনা সভা অনুষ্ঠিত হয়।

জিলা সমূহতো জিলা পৰ্য্যয়ত জিলা উন্নয়ন কমিটিৰ সভা অনুষ্ঠিত কৰা হয় যত আঁচনি সমূহৰ ৰূপায়নৰ স্থিতি সম্পৰ্কে মূল্যাংকণ কৰা হয় আৰু এই সভাত বি.টি.চি.ৰ যিকোনো এজন সচিবে অনুমোদিত অধ্যক্ষ হিচাপে অধ্যক্ষতা কৰে।আচঁনিসমূহৰ ৰূপায়নৰ অগ্ৰগতিৰ ক্ষেত্ৰত কোনো আসোঁৱাহ থাকিলে নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ খাতিৰত সেইবোৰ দূৰ কৰা হয়।

বি.টি.এ.ডি.ৰ প্ৰতিখন জিলাতে একোখনকৈ জিলা তদাৰকী আৰু পৰ্য্যবেক্ষণ কমিটি থাকে আৰু এই কমিটি বোৰৰ অধ্যক্ষ গৰাকীক সাধাৰণ ৰাইজৰ মাজৰ পৰা বি.টি.চি. প্ৰধাণে বাচনি কৰে।

এই কমিটি সমূহে আঁচনিসমূহৰ ৰূপায়ন কাৰ্য্যৰ পৰিদৰ্শন কৰে আৰু এই ৰূপায়ন কাৰ্য্যত থকা আসোঁৱাহ সমূহ আঁতৰ কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰে।

ব্যৱহাৰিক প্ৰমাণ পত্ৰ দাখিল

ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ নিৰ্দেশাৱলী/অনুমোদন অনুযায়ীহে নিৰ্দিষ্ট আঁচনিসমূহৰ বাবত পুঁজি সমূহ ব্যৱহাৰ কৰা হয়।

ভাৰত চৰকাৰৰ আঁচনিৰ ক্ষেত্ৰত পুঁজি ব্যৱহাৰৰ প্ৰমাণ পত্ৰ অসম চৰকাৰৰ জৰিয়তেহে ভাৰত চৰকাৰক প্ৰদান কৰা হয়।

এ.জি., অসমৰ ওচৰত বি.টি.চি.ৰ মাহেকীয়া হিচাপ-নিকাচ দাখিল কৰা হয় আৰু লগতে বি.টি.চি.ৰ নিয়মীয়া লেখা-পৰীক্ষা সমূহো এ.জি., অসমৰ জৰিয়তেই পৰিচালনা কৰা হয়।

বি.টি.চি.ৰ ব্যৱহাৰিক প্ৰমাণ পত্ৰ সমূহ সময়মতে অসম চৰকাৰক প্ৰদান কৰা হয়।

বি.টি.চি.ৰ বিত্তীয় প্ৰক্ৰিয়া

বিত্তীয় কাৰ্য্যক্ৰম সমূহ পৰিচালনা কৰাৰ নিয়মাৱলীৰ বিষয়ে ২০০৪ চনৰ ১৬ অক্টোবৰ তাৰিখৰ অসম চৰকাৰৰ টি.এ.ডি./বি.টি.চি./২২২/০৩/৫১নং কাৰ্য্যালয় স্মাৰক পত্ৰত উল্লেখ আছে।

বড়োলেণ্ড আঞ্চলিক পৰিষদে নিজাববীয়াকৈ “বড়োলেণ্ড আঞ্চলিক পৰিষদ পুঁজি অধিনিয়ম, ২০১২” শীৰ্ষক এক পুঁজি খৰচৰ অধিনিয়ম প্ৰস্তুত কৰি উলিয়াইছে যি বি.টি.চি.ৰ পুঁজি ব্যৱস্থাপনা আৰু উক্ত পুঁজিৰ ধন খৰচ কৰা, ধন উলিওৱা ব এই ধনৰ পৰিচালনা কৰা আদি বিষয় সমূহৰ সৈতে জড়িত।

কাৰ্য্যালয় স্মাৰকপত্ৰ অনুসৰি বি.টি.চি.ৰ নিজাববীয়া পুঁজি খৰচৰ অধিনিয়মৰ অনুপস্থিতিত বিত্তীয় লেন-দেনৰ ক্ষেত্ৰত অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰণ কৰা হয়।

বড়োলেণ্ড আঞ্চলিক পৰিষদৰ এক ব্যক্তিগত খাতা একাউণ্ট(পি.এল.এ.) আছে যি অসম চৰকাৰে অনুমোদন জনোৱাৰ লগতে এ.জি., অসমৰ জৰিয়তেও মঞ্জুৰী প্ৰদান কৰা “৮৪৪৩-কে.- জমাৰাশি আৰু আগধন– (বি.) সুদ বিহীন জমাৰাশি–৮৪৪৩ অসামৰিক জমাৰাশি –কে. জমাৰাশি (ব্যক্তিগত) জমাৰাশি (বি.টি.চি.)”শীৰ্ষক একাউণ্টৰ অধীনত কোকৰাঝাৰ কোষাগাৰৰ সৈতে পৰিষদে তত্বাৱধান কৰে। সেই অনুসাৰে, বি.টি.চি.ৰ কাম-কাজ সম্পৰ্কীয় সকলো ব্যয় সম্বন্ধীয় লেখা বা হিচাপ কিতাপ উক্ত পি.এল. একাণ্টৰ জৰিয়তে সম্পাদন কৰা হয়।

প্ৰতিটো বিত্তীয় বৰ্ষৰ এপ্ৰিল আৰু অক্টোবৰ মাহত অৰ্থাত্ প্ৰতি ছয় মাহৰ মূৰে মূৰে এক মঞ্জুৰী পত্ৰ প্ৰদানৰ জৰিয়তে অগ্ৰিম হিচাপে “কে.-জমাৰাশি আৰু অগ্ৰিম – (চি.) অগ্ৰিম ৮৫৫০-সুদ বিহিন অসামৰিক আগধন-১০৩-অন্যান্য বিভাগীয় আগধন” শীৰ্ষক একাউণ্টৰ অধীনত চৰকাৰে পুঁজিমুকলি কৰি দিয়ে আৰু এই পুঁজি বি.টি.চি.ৰ পি.এল. একাউণ্টত জমা হয় গৈ।

ইয়াৰ পাছতে নিৰ্ধাৰিত বাজেট ব্যৱস্থা অনুসৰি বি.টি.চি.এ প্ৰযোজ্য ক্ষেত্ৰ সমূহত এই পুঁজি ব্যয় কৰিব আৰু পি.এল. একাউণ্টৰ বিপৰিতে ইয়াক শৃংখলা লগাই যাব।

বি.টি.চি.ৰ একাউণ্ট শাখাই কোষাগাৰৰ সৈতে থকাসমিল-মিলকে ধৰিনগদ বহী আৰু ইয়াৰ সৈতে সম্বন্ধিত একাউণ্ট পৰিচালনাৰ দায়িত্ব পালন কৰে। একাউণ্ট শাখাই স্থানান্তৰিত বিভাগ সমূহৰ মাহেকীয়া হিচাপ-কিতাপ সমস্ত প্ৰস্তুত কৰে আৰু এই সমূহ এ.জি. অসমক প্ৰদান কৰে আৰু এই ক্ষেত্ৰত কৰ্ম বিভাগ সমূহৰ লেখা-জোখা এ.জি., অসমক সংশ্লিষ্ট কৰ্ম বিভাগ সমূহে প্ৰদান কৰে।বি.টি.চি.এ নিজৰ বাৰ্ষিক হিচাপ-কিতাপ প্ৰস্তুত কৰে আৰু এ.জি., অসমক প্ৰদান কৰে যত কাৰ্য্যকৰী পৰিষদে অনুমোদন জনায়। এই হিচাপ-কিতাপ বি.টি.চি.ৰ হৈ এ.জি., অসমেই পৰিচালনা কৰে।ভাৰতৰ নিয়ন্ত্ৰক আৰু মহা লেখা পৰীক্ষকৰ প্ৰতিবেদন, যত অসমৰ মাননীয় ৰাজ্যপালে অনুমোদন প্ৰদান কৰে, বি.টি.চি.ৰ বিধান সভা পৰিষদৰ আগত উত্থাপন কৰা হয়।