মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Department of Tribal Affairs (Plain)

জাতিৰ প্ৰমাণ পত্ৰৰ সংৰক্ষণ আৰু সত্যাসত্য প্ৰমাণ

সংৰক্ষণ

২০১২বৰ্ষত সংশোধন কৰা অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিআইন(সেৱা আৰু পদৰ খালি হৈ থকা পদৰ সংৰক্ষণ)১৯৭৮ অনুসৰিয়ে পোনপটীয়া নিয়োগ ব্যৱস্থাত সংৰক্ষণ আৰু বিভিন্ন সেৱা আৰু পদৰ বিপৰীতে পদোন্নতি ব্যৱস্থা ৰূপায়ন কৰি থকা হৈছে।এম. নাগৰাজ বনাম ভাৰত চৰকাৰৰ মোকৰ্দ্দমা সন্দৰ্ভত মাননীয় উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা আদেশ অনুসৰিয়েই ৰাজহুৱা প্ৰশাসন ব্যৱস্থাত থকা অপৰ্য্যাপ্ততাআৰুসক্ষমতা সম্পৰ্কে প্ৰকৃত তথ্য সংগ্ৰহ কৰিবলৈ এক এজনীয়া আয়োগৰো গঠন কৰা হৈছিল। এজনীয়া আয়োগে এই সন্দৰ্ভত প্ৰদান কৰা প্ৰতিবেদন অসম চৰকাৰে গ্ৰহণকৰে আৰু সেই অনুসাৰে পদোন্নতিৰ ক্ষেত্ৰত সংৰক্ষণ ব্যৱস্থা লাগু কৰিবলৈ কাৰ্য্যালয় স্মাৰকপত্ৰ প্ৰেৰণ কৰে।কিন্তু এই ব্যৱস্থাক মাননীয় গুৱাহাটী উচ্চ ন্যায়ালত প্ৰত্যাহ্বানো জনোৱা হল। মাননীয় উচ্চ ন্যায়ালয়ে ২৩/১২/২০১৫ তাৰিখে প্ৰদান কৰা এক আদেশত উল্লেখ কৰে যে এজনীয়া আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত চৰকাৰে পদোন্নতিৰ ক্ষেত্ৰত সংৰক্ষণ ব্যৱস্থা ৰূপায়ন কৰিব নোৱাৰিব যিহেতু এই প্ৰতিবেদন কেডাৰ ভিত্তিক নাছিল। মাননীয় উচ্চ ন্যায়ালয়ে লগতে উল্লেখ কৰে যে যদিহে ৰাজ্যই সংৰক্ষণ ব্যৱস্থাৰ জৰিয়তে পদোন্নতি প্ৰদানৰ সিদ্ধন্ত গ্ৰহণ কৰে তেনেহলে চৰকাৰে ৰাজহুৱা প্ৰশাসন ব্যৱস্থাত অপৰ্য্যাপ্ততা আৰু সক্ষমতা বৰ্তি থকাটো বুলি স্বীকাৰ কৰিব লাগিব। সেই অনুসাৰে, উচ্চ ন্যায়ালয়ৰ আদেশ কাৰ্য্যকৰী কৰা সন্দৰ্ভত মহা অধিবক্তাৰ মতামত বিচৰা হল। এই ক্ষেত্ৰত, উচ্চ ন্যায়ালয়ে প্ৰদান কৰা আদেশৰ ৬৯নং দফাত উল্লেখ কৰা মতে চৰকাৰে সংৰক্ষণৰ ভিত্তিত পদোন্নতি প্ৰদান কৰি যাব পাৰিব বুলি মহা-অধিবক্তাই নিজৰ মতামত প্ৰদান কৰে। সংৰক্ষণৰ জৰিয়তে পদোন্নতি প্ৰদান ব্যৱস্থা কাৰ্য্যকৰী কৰাৰ উদ্দেশ্যৰে কাৰ্য্যালয়-চুক্তিৰ সংশোধনৰ বাবে ন্যায়িক আৰু ব্যক্তিগত বিভাগৰ সৈতে পৰামৰ্শৰ আদান-প্ৰদানো কৰা হয়।