অসমৰ বিভিন্ন জিলাৰ প্ৰধান অঞ্চল তথা উপগ্ৰহীয় অঞ্চল সমূহত বসবাস কৰা অনুসূচীত জনজাতি সম্প্ৰদায়ৰ লোক সকলৰ সামাজিক, শৈক্ষিক, নৃত্যগোষ্ঠীয় আৰু সাংস্কৃতিক উন্নয়ন সাধনৰ উদ্দেশ্যৰে স্বায়ত্ব শাসিত পৰিষদ সমূহ গঠন কৰা হৈছিল। অসমত বৰ্তমান ৬খন স্বায়ত্ব শাসিত পৰিষদ আছে-
১. ৰাভা-হাছং স্বায়ত্ব শাসিত পৰিষদ
২. মিছিং স্বায়ত্ব শাসিত পৰিষদ
৩. তিৱা স্বায়ত্ব শাসিত পৰিষদ
৪. দেউৰী স্বায়ত্ব শাসিত পৰিষদ
৫. ঠেঙাল কচাৰী স্বায়ত্ব শাসিত পৰিষদ
৬. সোণোৱাল কচাৰী স্বায়ত্ব শাসিত পৰিষদ
স্বায়ত্ব শাসিত পৰিষদ সমূহক মুঠ৩৪টা বিষয়ত কাৰ্য্যক্ৰম গ্ৰহণ কৰিব পৰা তথা কাৰ্য্যকৰী ক্ষমতা প্ৰদান কৰা হৈছে। সেইয়া হৈছে- কুটীৰ উদ্যোগ, পশু পালন আৰু পশু চিকিত্সা, সংৰক্ষিত বনাঞ্চলৰ বাদে অন্য বনাঞ্চল, কৃষি, গ্ৰামীণ পথ আৰু দলং, ৰেচমবিদ্যা, শিক্ষা, ১. প্ৰাপ্ত বয়স্ক শিক্ষা, ২. প্ৰাথমিক শিক্ষা, ৩. বৃত্তিগত প্ৰশিক্ষণকে ধৰি উচ্চ মাধ্যমিক শিক্ষা পৰ্য্যন্ত, সাংস্কৃতিক পৰিক্ৰমা, ভূমি সংৰক্ষণ, সমবায়, মীন মহল, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন, হস্ততাঁত আৰু বস্ত্ৰশিল্প, জনস্বাস্থ্য অভিযান্ত্ৰিক- খোৱা পানী, ক্ষুদ্ৰ জলসিঞ্চন, সমাজ কল্যাণ, গাঁও ৰক্ষাৰ বাবে বান নিয়ন্ত্ৰণমূলক আঁচনি (অধিক কাৰিকৰী মাত্ৰাৰ নহয়), ক্ৰীড়া আৰু যুৱ কল্যাণ, জোখ-মাখ, পুথিভঁৰাল সেৱা, সংগ্ৰহালয় আৰু পুৰাতত্ব, নগৰ উন্নয়ন, চহৰ আৰু দেশ পৰিকল্পনা, জনজাতীয় গৱেষণা, ভূমি আৰু ভূমি ৰাজহ (কাৰ্য্যকৰী পৰিষদৰ অনুমতি অবিহনে পৰিষদীয় এলেকাত কোনো ভূমি বিক্ৰী কাৰ্য্য সম্পাদন কৰিব নোৱাৰিব) প্ৰচাৰ আৰু জনসম্পৰ্ক, পৰ্য্যটন, পৰিবহন, পৌৰ সভা, ন্যাস উন্নয়ন, পৰিষদ আৰু গ্ৰাম্য প্ৰশাসনৰ অন্যান্য স্থানীয় স্ব-প্ৰশাসন ব্যৱস্থা বৰ্তি থকা জিলা, জনজাতিয় উন্নয়ন, বজাৰ আৰু মেলা, লটাৰী, থিয়েটাৰ, নাট্য প্ৰদৰ্শন আৰু চলচিত্ৰ,জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন আৰু খাদ্য আৰু অসামৰিক যোগানকে ধৰি মূল্যবান পৰিসংখ্যা সমূহ আৰু লগতে বিভিন্ন পৰিষদীয় এলেকাৰ জনজাতীয় লোকৰ উন্নয়নৰ বাবে উক্ত খণ্ডসমূহক সামৰা বিভিন্ন উন্নয়নমূলক কাৰ্য্যক্ৰম ইত্যাদি।
বিভিন্ন পিছপৰা সম্প্ৰদায়ৰ আৰ্থ-সামাজিক উন্নয়ন আৰু লক্ষ্য কৰি লোৱা বহনক্ষম উন্নয়নৰ বাবে অসম চৰকাৰে ৩৩খন উন্নয়ন পৰিষদ গঠন কৰিছিল যাতে পৰিষদ সমূহলৈ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰিব পৰা যায় আৰু তেঁওলোকে নিজ নিজ উন্নয়নমূলক প্ৰয়োজন সমূহ পূৰণ কৰাৰ ক্ষেত্ৰত সক্ষম হৈ উঠে। এই পৰিষদ সমূহৰ মূল কাৰ্য্যৱলী হৈছে বিভিন্ন উন্নয়নমূলক আঁচনি তথা প্ৰকল্প প্ৰস্তুত কৰা আৰু অগ্ৰাধিকাৰৰ ভিত্তিত এই সমূহ কাৰ্য্যকৰী কৰা। তলত পিছপৰা সম্প্ৰদায় সমূহৰ নাম উল্লেখ কৰা হল-–
১. মৰাণ উন্নয়ন পৰিষদ
২. মটক উন্নয়ন পৰিষদ
৩. মইমাল উন্নয়ন পৰিষদ
৪. মৰিয়া উন্নয়ন পৰিষদ
৫. গোৰখা উন্নয়ন পৰিষদ
৬. চুতীয়া উন্নয়ন পৰিষদ
৭. আদিবাসী উন্নয়ন পৰিষদ
৮. নাথ যোগী উন্নয়ন পৰিষদ
৯. কোচ-ৰাজবংশী উন্নয়ন পৰিষদ
১০. বিষ্ণুপ্ৰিয়া মণিপুৰী উন্নয়ন পৰিষদ
১১. টাই আহোম উন্নয়ন পৰিষদ
১২. মেচ কচাৰী উন্নয়ন পৰিষদ
১৩. মণিপুৰী উন্নয়ন পৰিষদ
১৪. সাধাৰণ জাতি উন্নয়ন পৰিষদ
১৫. চিংফু (মন টাই) উন্নয়ন পৰিষদ
১৬. আমৰি কাৰ্বি উন্নয়ন পৰিষদ
১৭. শৰণীয়া কচাৰী উন্নয়ন পৰিষদ
১৮. বৰাক উপত্যকা পাৰ্বত্য জনজাতীয় উন্নয়ন পৰিষদ
১৯. চাহ আৰু প্ৰাক্তন চাহ বাগিচা উন্নয়ন পৰিষদ
২০. অনুসূচীত জাতি উন্নয়ন পৰিষদ
২১. চাওদাং উন্নয়ন পৰিষদ
২২. মদাহী উন্নয়ন পৰিষদ
২৩. কুমাৰ উন্নয়ন পৰিষদ
২৪. হাজং উন্নয়ন পৰিষদ
২৫. চুট উন্নয়ন পৰিষদ
২৬. গৰীয়া উন্নয়ন পৰিষদ
২৭. বৰ্মন কচাৰী উন্নয়ন পৰিষদ
২৮.কাৰ্বি আংলৰ বাহিৰত বসবাস কৰা কাৰ্বি লোকৰ বাবে উন্নয়ন পৰিষদ
২৯. হিন্দী ভাষী উন্নয়ন পৰিষদ
৩০. বঙালী ভাষী উন্নয়ন পৰিষদ
৩১. জলহা উন্নয়ন পৰিষদ
৩২. ব্ৰাহ্মীণ উন্নয়ন পৰিষদ
৩৩. কলিতা উন্নয়ন পৰিষদ সম্পৰ্কে বৰ্তমানেও অনুসূচনা জাৰি হোৱা নাই।
২০১০চনৰ মে আৰু জুন মাহ আৰু ২০১১চনৰ জানুৱাৰী মাহৰ লগতে ২০১৫-১৬ বৰ্ষতোসুকীয়া সুকীয়া ৰাজপত্ৰিত অধিসূচনাৰ জাৰী কৰি অসমৰ উক্ত সম্পদ্ৰায় সমূহৰ আৰ্থ-সামাজিক, শৈক্ষিক, সাংস্কৃতিক আৰু জাতিগত বিকাশৰ বাবে এই আটাইবোৰ উন্নয়ন পৰিষদ সৃষ্টি কৰা হৈছিল।
পৰিষদৰ বিভিন্ন কাৰ্য্যৱলী/কাৰ্য্যক্ৰম নিয়ন্ত্ৰণ কৰিবলৈ, অসম চৰকাৰে ৭/৩/২০১৩তাৰিখে টি.এ.ডি./বি.চি./১০৫/২০১৩/৬নং অধিসূচনাৰ জৰিয়তে কিছু পৰামৰ্শাৱলী প্ৰদান কৰিছিল। প্ৰতিখন পৰষদৰে সদস্য সংখ্যা হব সৰ্বনিম্ন ১৫ জন আৰু সৰ্বোচ্চ ২৫ জন আৰু প্ৰতিখন পৰিষদকে নেতৃত্ব প্ৰদান কৰিব এগৰাকী অধ্যক্ষই যাক পৰিষদৰ সদস্য সকলে নিৰ্বাচিত কৰিব।