মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Department of Tribal Affairs (Plain)

আন্তঃগাঠনি উন্নয়ন আঁচনি

ইয়াত বিভিন্ন প্ৰকাৰৰ আন্তঃগাঠনি উন্নয়ন আঁচনি আছে-

ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২৭৫(১)

ভাৰতীয় সংবিধানৰ অনুচ্ছেদ নং ২৭৫(১) অনুসৰি অনুদানৰ পৰিমাণ সংসদীয় অধিনিয়মৰ দ্বাৰা নিৰ্দ্ধাৰণ কৰিহে প্ৰদান কৰিব পৰা যায়, প্ৰত্যেক বছৰে ভাৰতৰ একীকৃত নিধিৰ ওপৰত এনে ধৰণৰ ৰাজ্যৰ ৰাজহৰ অনুদান সহায়তাৰ ৰূপত গ্ৰহণ কৰিব, কিয়নো সংসদেহে নিৰ্দ্ধাৰণ কৰিব পাৰিব যে সহায়তাৰ আৱশ্যক হবনে নে নহয়, আৰু বেলেগ বেলেগ ৰাজ্যৰ বাবে ইয়াৰ পৰিমাণো বেলেগ বেলেগ নিৰ্দ্ধাৰণ কৰা হব:

এখন ৰাজ্যৰ ৰাজহৰ অনুদান সহায়তা হিচাপেহে ভাৰতৰ একীকৃত নিধি মূলধন আৰু আবৃত্ত পৰিমাণ হিচাপে পৰিশোধ কৰা হয়যাতে ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ অনুমতি সাপেক্ষে গ্ৰহণ কৰা উন্নয়নমূলক আঁচনি সমূহৰ বাবে ব্যয় সম্ভৱ হৈ উঠে যাতে ৰাজ্যৰ অনুসূচীত জনজাতিৰ বিকাশ সাধন কৰিব পাৰি বা অনুসূচীত জনজাতীয় অঞ্চলৰ প্ৰশাসনীক দিশত সুবিধা হয়।

পুঁজি প্ৰদান পদ্ধতি:

এইয়া এক কেন্দ্ৰীয় খণ্ডৰ আঁচনি আৰু ৰাজ্য সমূহক ইয়াৰ অধীনত ১০০শতাংশই অনুদান প্ৰদান কৰা হয়।

ক্ষেত্ৰফল:

এই আঁচনিয়ে অনুসূচীত জনজাতি থকা অন্ধ্ৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, চত্তীশগড়, গোৱা, গুজৰাট, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, কৰ্নাটকা, কেৰেলা, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, মনিপুৰ, মেঘালয়া, মিজোৰাম, নাগালেণ্ড, উৰিষ্যা, ৰাজস্থান, চিক্কিম, তামিলনাডু, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পশ্চিম বংগ আদি ৰাজ্য কেইখনক সামৰি লয়।

বৈশিষ্টসমূহ:

• দেশৰ অনুসূচীত জনজাতিৰ লোকৰ সংখ্যাৰ তুলনাত কোনো ৰাজ্যত কিমান সংখ্যক অনুসূচীত জনজাতিৰ লোক বাস কৰে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিয়েই ৰাজ্যবোৰক অনুদান প্ৰদান কৰা হয়।

• ২০০০-২০০১বৰ্ষৰ পৰাই অনুসূচীত জনজাতিৰ উন্নয়নৰ বাবে নিৰ্দিষ্ট প্ৰকল্পৰ বিপৰিতে আৰু লগতে অনুসূচীত জনজাতিয় এলেকাৰ প্ৰশাসনিক দিশটো শক্তিশালী কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰক পুঁজি মুকলি কৰি দি থকা হৈছে।এই পুঁজিৰ এক অংশ একলব্য আদৰ্শ আৱাসিক বিদ্যালয় প্ৰতিষ্ঠাৰ বাবে ব্যয় কৰা হয় যাৰ জৰিয়তে অনুসূচীত জনজাতিৰ ছাত্ৰ-ছাত্ৰীকষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ উন্নত মানৰ শিক্ষা প্ৰদান কৰা হয়।

দশম পঞ্চ বাৰ্ষিক পৰিকল্পনাৰ সময়ত গ্ৰহণ কৰাৰ বাবে ২/৭/২০০২ তাৰিখৰ ১৪০১১/৯/২০০১-এছ.জি. এণ্ড চি. নং.ৰ অধীনষ্ঠ বিষয়ৰ ওপৰত পূৰ্বৰ অধিসুচনা/পত্ৰ/পৰামৰ্শাৱলীৰ অতি সন্মিলনত জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে সংশোধিত পৰামৰ্শাৱলী প্ৰদান কৰিছে। ২০০৮ বৰ্ষৰ জানুৱাৰী মাহৰ পৰামৰ্শাৱলীৰ ক্ষেত্ৰত কিছু সালসলনি ঘটোৱা হৈছে।

২/৭/২০০২ তাৰিখৰ সংশোধিত পৰামৰ্শাৱলীৰ প্ৰধান বৈশিষ্ট সমূহ

উক্ত মন্ত্ৰালয়ে ২/৭/২০০২তাৰিখে প্ৰদান কৰা সংশোধিত পৰামৰ্শাৱলীৰ প্ৰধান বৈশিষ্ট সমূহ তলত উল্লেখ কৰা হল।

১. ৰাজ্যিক পৰিকল্পনাৰ বাবে প্ৰদান কৰা সাধাৰণ কেন্দ্ৰীয় সহায়তাৰ ওপৰত ২৭৫(১)অনুচ্ছেদৰ অধীনতঅতিৰিক্ত অনুদান।

২. প্ৰকল্প আদি গ্ৰহণ কৰা আৰু মন্ত্ৰালয়ৰ আগতীয়া অনুমোদন লাভ কৰাটো দৰকাৰী।

৩. ২৭৫(১) অনুচ্ছেদৰ প্ৰথম ব্যৱস্থাৰ অধীনষ্ঠ প্ৰকল্প সমূহ সমগ্ৰ টি.এছ.পি. আৰু বাৰ্ষিক ৰাজ্যিক পৰিকল্পনাৰ অংশ হয়।

৪. বহু-বিষয়ক বিভক্ত দলৰ জৰিয়তেহে প্ৰতিটো আই.টি.ডি.এ./এম.এ.ডি.এ.ৰ বাবে ক্ষুদ্ৰ পৰিকল্পনা প্ৰস্তুত কৰিব লাগে।

৫. সম্পদৰ সঠিক আৰু পৰ্য্যাপ্ত ব্যৱহাৰৰ উদ্দেশ্যৰে গুৰুত্বপূৰ্ণ এলেকা সমূহ চিনাক্ত কৰা উচিত।

৬. প্ৰকল্প ব্যৱস্থাপনাৰ বাবত ২শতাংশ পুঁজি ব্যৱহাৰৰ ব্যৱস্থা কৰা হৈছে।

৭. মন্ত্ৰালয়ৰ অনুমতি ক্ৰমে তত্বাৱধান আৰু আন্তঃগাঠনিৰ বাবত ১০শতাংশ পুঁজি ব্যয়ৰ ব্যৱস্থা কৰা হৈছে।

৮. সমানুপাতিক, কমেও ৩০শতাংশ মহিলাক সাঙুৰি লোৱাটো উচিত।

৯. সংশ্লিষ্ট জনজাতি উন্নয়ন বিভাগৰ প্ৰশাসনীক নিয়ন্ত্ৰনাধীন এক সুকিয়া বাজেট ব্যৱস্থাৰ সৈতে বাৰ্ষিক ৰাজ্যিক পৰিকল্পনাৰ টি.এছ.পি. উপাদান সন্নিবিষ্ট কৰিব লাগিব।

১০. উদ্ভাৱনীমূলক প্ৰকল্পৰ বাবে ২৭৫(১)নং অনুচ্ছেদৰ প্ৰথম ব্যৱস্থাৰ অধীনত সৰ্বমুঠ আৱণ্টনৰ ১০শতাংশ পুঁজি নিৰ্ধাৰিত কৰা হৈছে যি পুঁজি সেইবোৰ ৰাজ্যক উদ্দেশ্যি অনুমোদন জনোৱা হব যিবোৰ ৰাজ্যই নিজ নিজ অনুসূচীত জনজাতিৰ জনসংখ্যাৰ অনুপাতে এক একক বাজেটৰ অধীনত ৰাজ্যিক পৰিকল্পনাত টি.এছ.পি. প্ৰদান কৰিব আৰু তাৰ পাছতেই প্ৰায় একে ধৰণৰ প্ৰস্তাৱিত কাৰ্য্যক্ৰমৰ বাবত পূৰ্বৰ তিনিটা বছৰত কমেও ৭৫ শতাংশ পুঁজি খৰচ কৰিছে।

মানৱ উন্নয়ৰ বাবে বিভিন্ন দিশত আন্তঃগাঠনি শক্তিশালী কৰাৰ উদ্দেশ্যৰেও ৰাজ্যই কাৰ্য্যক্ৰম হাতত লব পাৰেযেনে শিক্ষা, আয় বৃদ্ধি, স্বাস্থ্য, জলসিঞ্চন, পথ, দলং, বন, বনাঞ্চলীয় গাওঁ, বৈদ্যুতিকৰণ, সংযোগ ব্যৱস্থা, গ্ৰাম্য বজাৰ, কৃষি, পশু পালন, খাদ্য প্ৰক্ৰিয়াকৰণ, এম.এফ.পি. প্ৰক্ৰিয়াকৰণ, প্ৰযুক্তিগত আৰু বৃত্তিগত দিশত মানৱ সম্পদৰ উন্নয়ন, জল কৃষ্টি, গৃহহাৰা সকলৰ পুনৰ সংস্থাপন, জনজাতীয় ভূমি ব্যৱস্থাপনা, ক্ৰীড়া বিকাশ, সামুহিককল্যাণ সম্পদ যেনে আৱাসিক বিদ্যালয় আদিৰনিৰ্মাণ, বিদ্যালয়ৰ তত্বাৱধান, জনজাতীয় ভাষাৰ লগতে দক্ষ শিক্ষকতাৰ প্ৰশিক্ষণ প্ৰদান কৰা; শিশু, মাতৃ আৰু বয়োবৃদ্ধ সকলক পুষ্টিগত সঁহাৰি প্ৰদান কৰা, সামুহিক শষ্য ভাণ্ডাৰ, খোৱা পানীৰ ব্যৱস্থা সুনিশ্চিত কৰা আৰু জনজাতীয় লোকৰ নিয়মীয়া কল্যাণৰ ওপৰিও অন্যান্য কল্যাণমূলক কাৰ্য্যক্ৰম হাতত লোৱা ইত্যাদি।

টি.এছ.পি.ৰ প্ৰতি এছ.চি.এ.ৰ অধীনত আন্তঃগাঠনি আঁচনি

কেন্দ্ৰীয় জনজাতিয় পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্য চৰকাৰক ৰাজ্যিক টি.এছ.পি.ৰ ওপৰত অতিৰিক্ত ভাৱে বিশেষ কেন্দ্ৰীয় সহায়তা(এছ.চি.এ) প্ৰদান কৰে। কৃষি, উদ্যান কৃষি, ৰেচমবিদ্যা আৰু পশুপালন খণ্ডত পৰিয়াল কেন্দ্ৰীক উপাৰ্জন বৃদ্ধি আঁচনিৰ অধীনতহে এছ.চি.এ. প্ৰদান কৰা হয়। এছ.চি.এ.ৰ এটা অংশ (৩০শতাংশৰ ওপৰত নহয়) এনে পৰিয়াল কেন্দ্ৰীক উপাৰ্জন বৃদ্ধিআঁচনিৰ সৈতে সম্বন্ধিত আন্তঃগাঠনি উন্নয়নৰ বাবেও ব্যয় কৰিব পাৰি। জনজাতীয় উন্নয়নৰ বাবে এছ.চি.এ. হৈছে ৰাজ্যিক পৰিকল্পনাৰ প্ৰতি এক অতিৰিক্ত সঁহাৰি যি টি.এছ.পি. কৌশলৰ এক অংশ স্বৰূপ।

অনুসূচীত জাতি উপ-পৰিকল্পনাৰ প্ৰতি বিশেষ কেন্দ্ৰীয় সহায়তা(এছ.চি.এ.)

অনুসূচীত জাতি উপ-পৰিকল্পনাৰ(এছ.চি.এছ.পি.) প্ৰতি বিশেষ কেন্দ্ৰীয় সাহাৰ্য্য(এছ.চি.এ.) হৈছে এক কেন্দ্ৰীয় আঁচনি যাৰ অধীনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল সমূহক সেইবোৰৰ অনুসূচীত জাতি উপ-পৰিকল্পনাৰ প্ৰতি এক অতিৰিক্ত সঁহাৰি হিচাপে ১০০ শতাংশ অনুদান প্ৰদান কৰা হয়।

উদ্দশ্যৱলী

এই আঁচনিৰ মূল উদ্দেশ্য হৈছে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা অনুসূচীত জাতিৰ লোক সলকলৰ অৰ্থনৈতিক বিকাশ সাধনৰ বাবে পৰিয়াল কেন্দ্ৰীক আয় বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা আৰু ইয়াৰ বাবে প্ৰয়োজনীয় সমল প্ৰদান কৰা। যিহেতু অনুসূচীত জাতিৰ বাবে থকা এই আঁচনি/কাৰ্য্যক্ৰম স্থানীয় বৃত্তীয় ব্যৱস্থা আৰু উপলব্ধ অৰ্থনৈতিক কাৰ্য্যক্ৰমৰ ওপৰত নিৰ্ভৰশীল, এই ক্ষেত্ৰত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল সমূহে এছ.চি.পি.ৰ লগতে বিভিন্ন সমবায়, বিত্তীয় প্ৰতিষ্ঠানৰ দৰে অন্য উত্সৰ দ্বাৰা উপলব্ধ কৰোৱা সম্পদৰ সৈতেও যুটিয়া ভাৱে এছ.চি.এ.ৰ ব্যৱহাৰ কৰিব পাৰে।

উক্ত আঁচনিৰ আওতাত থাকি বিশেষ কেন্দ্ৰীয় সাহাৰ্য্যৰ জৰিয়তে ৰাজ্য চৰকাৰে নিজৰ পচন্দ অনুসৰি বাচনি কৰা আঁচনি ৰূপায়ন কৰাৰ অধিকাৰ বহন কৰে।

ৰাজ্যিক পৰিকল্পনাৰ অধীনত অনুসূচীত জনজাতিৰ বাবে আন্তঃগাঠনি আঁচনি

বিভিন্ন বিভাগ আৰু কেন্দ্ৰীয় খণ্ডৰ আঁচনিৰ জৰিয়তেগ্ৰহণ কৰা আন্তঃগাঠনি উন্নয়নমূলক আঁচনি সমূহৰ ওপৰিও, অসমৰ জনজাতিয় অধ্যুষিত এলেকাসমূহত আন্তঃগাঠনি উন্নয়নৰ বাবে ডব্লিও.পি.টি. আৰু বি.চি. সঞ্চালকালয়েও ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰযোজিত আঁচনি গ্ৰহণ কৰে।একেটা উদ্দেশ্যৰ বাবে ২০১৭-১৮ বৰ্ষৰ বাজেতত ২৫০লাখ টকাৰ এক ব্যৱস্থা ৰখা হৈছে আৰু সঞ্চালকালয়ে অসমৰ বিভিন্ন জনজাতিয় অধ্যুষিত এলেকাত পাঁচটা সমূহীয়া সভাগৃহ নিৰ্মাণৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে।

ৰাজ্যিক পৰিকল্পনাৰ অধীনত অনুসূচীত জাতিৰ বাবে আন্তঃগাঠনি আঁচনি

বিভিন্ন বিভাগ আৰু কেন্দ্ৰীয় খণ্ডৰ আঁচনিৰ জৰিয়তে গ্ৰহণ কৰা আন্তঃগাঠনি উন্নয়নমূলক আঁচনি সমূহৰ ওপৰিও, অসমৰ অনুসূচীত জাতি অধ্যুষিত এলেকাসমূহত আন্তঃগাঠনি উন্নয়নৰ বাবে অনুসূচীত জাতিৰ সঞ্চালকালয়েও ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰযোজিত আঁচনিগ্ৰহণ কৰে। একেটা উদ্দেশ্যৰ বাবে ২০১৭-১৮বৰ্ষৰ বাজেটত ১০০০লাখ টকাৰ এক ব্যৱস্থা ৰখা হৈছে।