ৰাজ্যত অনুসূচীত জনজাতি, অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী সমূহৰ কল্যাণ আৰু বিকাশৰ বাবে নীতি আৰু কাৰ্য্যক্ৰম নিৰ্দ্ধাৰণ আৰু ৰূপায়ন কৰাৰ ক্ষেত্ৰত ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী উন্নয়ন বিভাগ(ডব্লিও.পি.টি. আৰু বি.চি.) হৈছে প্ৰধান বিভাগ। ২০১২বৰ্ষত সংশোধন কৰা অসম অনুসূচীত জাতি/অনুসূচীত জনজাতি সংৰক্ষণ আইনৰ ব্যৱস্থা আৰু ইয়াৰ অধীনষ্ঠ নিয়ম সমূহ কাৰ্য্যকৰী কৰাৰ দায়িত্ব উক্ত সঞ্চালকালয়ৰ ওপৰতে ন্যস্ত কৰা আছে।ৰাজ্যৰ অনুসূচীত জাতি/অনুসূচীত জনজাতি/অন্যান্য পিছপৰা শ্ৰেণী ইত্যাদিৰ কল্যাণৰ সৈতে জড়িত ৰাজ্যিক বাৰ্ষিক পৰিকল্পনা, কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰী প্ৰযোজিত কাৰ্য্যক্ৰমৰ অন্তৰ্গত জনজাতীয় উপ-পৰিকল্পনা, অনুসূচীত জাতি উপ-পৰিকল্পনাৰ উপাদান সমূহ কাৰ্য্যকৰী কৰাৰ দায়িত্বও পালন কৰে এই সঞ্চালকালয়ে।তাৰোপৰি ৰাজ্যিক বনাঞ্চল অধিকাৰ আইনৰ এফ.আৰ.এ. ২০০৬ ৰূপায়নৰ ক্ষেত্ৰতো এই বিভাগ দায়বদ্ধ। ডব্লিও.পি.টি. আৰু বি.চি. বিভাগৰ অধীনত ৰূপায়ন কৰা কিছু আঁচনি হৈছে-
১. অনুসূচীত জাতি/অনুসূচীত জনজাতি/অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে পূৰ্ব মেট্ৰিক জলপানি
২. অনুসূচীত জাতি/অনুসূচীত জনজাতি/অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে পৰবৰ্তী মেট্ৰিক জলপানি
৩. চিকিতসা/অভিযান্ত্ৰিক অনুসূচীত জাতি/অনুসূচীত জনজাতি ছাত্ৰ-ছ্ত্ৰীৰ বাবে পাঠ্য-পুথি ভাণ্ডাৰ
৪. অনুসূচীত জাতি/অনুসূচীত জনজাতিৰ অন্তৰ্গত আই.টি.আই. প্ৰশিক্ষাৰ্থীৰ বাবে বেতন ব্যৱস্থা
৫. অনুসূচীত জাতি/অনুসূচীত জনজাতিৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তিগত প্ৰশিক্ষণ
৬. অনুসূচীত জাতি/অনুসূচীত জনজাতিৰ লোকৰ বাবে পৰিয়াল কেন্দ্ৰিক উপাৰ্জন বৃদ্ধিৰ আঁচনি
৭. জনজাতীয় এলেকাত আন্তঃগাঠনিৰ উন্নয়ন
৮. অনুসূচীত জাতি/অনুসূচীত জনজাতি(ভৈয়াম)মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে অনুদান
৯. কেন্দ্ৰীয় অথৱা ৰাজ্যিক অসামৰিক সেৱাৰ পৰীক্ষা বা অন্যান্য আনুসাংগিক পৰীক্ষাৰ ক্ষেত্ৰতঅনুসূচীত জাতি/অনুসূচীত জনজাতিছাত্ৰীৰ বাবে বিশেষ কোচিংৰ ব্যৱস্থা
১০. অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে পৰিয়াল কেন্দ্ৰিক আয় বৃদ্ধিআঁচনি
১১. অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কোচিংৰ সুবিধা
১২.অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত প্ৰশিক্ষাৰ্থিৰ বাবে আত্ম নিয়োগৰ সুবিধা যি সকলে দক্ষতা বিকাশ কাৰ্য্যক্ৰমৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰিছে।