১.অসমৰ মাননীয় মুখ্যমন্ত্ৰীশ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱে এন.ই.এছ.আৰ.আই.পি.(এ.ডি.বি.)ৰ অধীনত আনুমানিক খৰছ ২৮৯.১৬ টকা সাপেক্ষে তামুলপুৰৰ পৰা পানেৰী আৰু পানেৰীৰ পৰা ওদালগুৰিলৈৰাস্তা আৰু কালাপানী, বৰনদী, বৰীয়া আৰু অন্য নদীৰ ওপৰত পাঁচখন পকী দলং নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰে।(নথি নং.-১ ফটো সংলগ্ন কৰা হল)
২.ভাৰত চৰকাৰে বি.টি.চি. এলেকাত চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাত তিনিখন ডি.আই.ই.টি. স্থাপন কৰিবলৈ অনুমোদন জনায়।
৩.বাংগালুৰু, কৰ্ণাটক আৰু কাৰ্বি আংলং জিলাৰ ডিফুত “বড়োলোণ্ড হাউচ”নিৰ্মাণৰ বাবে মাটি অধিগ্ৰহণ কৰা হয়।
৪.আনুমানিক খৰছ ৩১০.৭৭ লাখ টকা সাপেক্ষে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে “বড়ো বিভাগ” খোলাৰ বাবে নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।
৫.অসমৰ মুখ্য সচিবৰ অধ্যক্ষতাত গঠিত ৰাজ্যিক ভিত্তিৰ সমিতিয়ে ২০১৫-১৬ বৰ্ষৰ বিশেষ এককালীন সাহাৰ্য্যৰ সৰ্বমুঠ১৩৮৫ খন আঁচনি/প্ৰকল্প ২০১৬-১৭ বৰ্ষত অনুমোদন জনায়। এই আঁচনিসমূহ নীতি আয়োগৰ নিৰ্দ্দেশনা অনুসাৰে মুঠ আনুমানিক ব্যয় ৪২১০২.০০ লাখ নিৰ্দ্ধাৰণ কৰা হয়, ৮১ শতাংশ কাম সম্পূৰ্ণ হৈছে।(সম্পূৰ্ণ হোৱা তিনিখন আঁচনিৰ ফটো কপি উদাহৰণস্বৰূপে নথি নং. ২, ৩ ত সংলগ্ন কৰা হল।)
৬.ক্ৰমাগতভাৱে সৰ্বশিক্ষা অভিযান আৰু ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনত ৮ খন কস্তুৰুবা গান্ধী বালিকা বিদ্যালয় আৰু ১১ খন আদৰ্শ বিদ্যালয় নিৰ্মাণ কাৰ্য আগবাঢ়ি আছে।
৭.ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়দ্বাৰা আবণ্টিত ধনেৰে বাক্সা জিলাৰ দলবাৰীত নিৰ্মাণ কৰা একলব্য আবাসিক আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য্য আগবাঢ়ি আছে।
৮.বি.টি.চি. এলেকাৰ ১৬৭৩ খন ৰেচমশিল্পৰ গাওঁ ৫৯৫১০ কৃষকক ৰোচমশিল্পৰ কামত নিয়োজিত কৰা হৈছে। উত্তৰ-পূব সংমণ্ডলৰ মুঠ এড়ী মূগা উত্পাদনৰ (৩১৪২ মেট্ৰিক টন) বিপৰীতে(২৪.৫৩%) বি.টি.চি. এলেকাই অৰিহণা যোগায়।
৯.এখন অভিলাসী প্ৰকল্প যাৰ নাম “ভূমিৰ পৰা ৰেচমলৈ” বি.টি.চি. এলেকাত কাৰ্য্যকৰী কৰিবলৈ ভাৰত চৰকাৰে অনুমোদন জনায়, যাৰ অধীনত “ৰুট ট্ৰেইনাৰ” প্ৰযুক্তি ৰ প্ৰৱৰ্ত কৰা হব। ভাৰত চৰকাৰে বাক্সা জিলাত ২০১৬-১৭ চনৰ পৰা কাৰ্য্যকৰী হোৱাকৈ বিশেষকৈ এড়ী উন্নয়নৰ বাবে এটা প্ৰকল্প স্থাপনতো অনুমোদন জনায়।
১০.বি.টি.চি.ৰ বিজনী কুকলাং ৰেঞ্জৰ মানস ১১ত “বড়োলেণ্ড চিল্ক বেণ্ডৰ” ব্যৱসায় বৃদ্ধিৰ বাবে প্ৰথম “মুগা ৱাইণ্ডলাইফ চেঞ্চুৰী” প্ৰতিষ্ঠা কৰা হয়।
Title | Size | Detail |
---|---|---|
Achievement Report of WPT & BC Dept | 1.54 MB | ![]() |
Achievement report as on 31st March 17 | 182.96 KB | ![]() |
Annexure -I and II (Photographs) | 770.94 KB | ![]() |
AChievement Report DSC | 12.7 KB | ![]() |