ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগক(ডব্লিও.পি.টি. আৰু বি.চি.) পূৰ্বতে ১৯৫০ চনত জনজাতীয় এলেকা বিভাগ হিচাপে গঠন কৰা হৈছিল। কিন্তু পাছলৈ ১৯৬৮ বৰ্ষত বিভাগটোৰ নাম সলনি কৰি ইয়াক জনজাতি এলেকা আৰু পিছপৰা শ্ৰেণী উন্নয়ন বিভাগ হিচাপে নামাকৰণ কৰা হয়। কিন্তু পাৰ্বত্য জিলা কেইখনৰ স্বায়ত্ব শাসিত পৰিষদ সমূহৰ বিষয় সমূহ চোৱা-চিতা কৰিবলৈ যেতিয়া পাৰ্বত্য এলেকা বিভাগ গঠন কৰা হল তেতিয়াই ১৯৭৬ চনত পুনৰ বিভাগটোৰ নাম সলনি কৰি ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগ হিচাপে নামাকৰণ কৰা হয়।
ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগ হৈছে ৰাজ্যৰ অনুসূচীত জনজাতি, অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীসকলৰ কল্যাণ আৰু উন্নয়নৰ কাৰণে নীতি আৰু কাৰ্য্যসূচী প্ৰস্তুতি আৰু ৰূপায়নৰ নোডাল বিভাগ। অসম অনুসূচীত জাতি/অনুসূচীত জনজাতি সংৰক্ষণ আইন, ১৯৭৮ ৰ উপবন্ধ ৰপায়নৰ দায়িত্ব বিভাগৰ হাতত ন্যস্ত কৰা হৈছে আৰু সেইমতে নিয়ম গঠন কৰা হৈছে। ৰাজ্যিক বাৰ্ষিক পৰিকল্পনাৰ জনজাতীয় উপ পৰিকল্পনা, অনুসূচীত জাতিৰ উপ পৰিকল্পনাৰ উপাদানসমূহ, ৰাজ্যৰ অনুসূচীত জাতি/অনুসূচীত জনজাতি/অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণৰ কাৰণে কেন্দ্ৰীয় আৰু ৰাজ্যিক পুঁজিপ্ৰাপ্ত কাৰ্য্যসূচী ৰূপায়নৰ কাৰণে এই বিভাগটো দায়ী। ইয়াৰোপৰি বিভাগটো ৰাজ্যৰ বনাঞ্চল অধিকাৰ আইন, ২০০৬ৰ ৰূপায়নৰ কাৰণেও দায়ী।
শেহতীয়াকৈ আঁচনিৰ সংখ্যা বৃদ্ধি কৰি, জনজাতীয় সংস্কৃতি সংৰক্ষণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ সন্মুখত চাহিদা যি দৰে বৃদ্ধি পাইছে সেইবোৰলৈ লক্ষ্য কৰি, বড়োলেণ্ড আঞ্চলিক পৰিষদ(বি.টি.চি.) গঠন আৰু ৰাজ্যৰ বিভিন্ন অন্যান্য পিছপৰা শ্ৰেণীৰ সম্প্ৰদায়ৰ লোক সকলৰ উন্নয়নৰ দিশত গুৰুত্ব প্ৰদান কৰি গঠন কৰা উন্নয়ন পৰিষদ আদি সমস্ত দিশলৈ লক্ষ্য কৰি ইতিমধ্যেই এক বৃহত পৰিষৰত কৰ্মৰত উক্ত বিভাগটোৰ কৰ্মপৰিষৰপুনৰ বৃদ্ধি কৰা হয়। যিহেতু বিভাগটোৱে তিনিওটা সামাজিক শ্ৰেণী যেনে অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সুকীয়া সুকীয়া আঁচনি আৱণ্টন সম্বন্ধিত সকলো বিষয় চোৱা চিতা কৰে, গতিকে প্ৰতিটো সামাজিক শ্ৰেণীকে সুকীয়া সুকীয়া গুৰুত্ব প্ৰদান কৰিবলৈ দীৰ্ঘ দিনৰে পৰা দাবী অব্যাহত আছে। এই ক্ষেত্ৰত, চৰকাৰে বিভাগটোৰ সাংগঠনিক সংৰচনা আৰু লগতে তিনিওটা শ্ৰেণী যেনে অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সন্দৰ্ভত বিভিন্ন কাৰ্য্য প্ৰক্ৰিয়াকৰণৰ কাৰ্য্যকৰী সম্পৰ্ক সন্দৰ্ভত বিষদ ভাৱে অধ্যয়ন কৰিছে।