ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগ হৈছে ৰাজ্যৰ অনুসূচীত জনজাতি, অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীসকলৰ কল্যাণ আৰু উন্নয়নৰ কাৰণে নীতি আৰু কাৰ্য্যসূচী প্ৰস্তুতি আৰু ৰূপায়নৰ নোডাল বিভাগ। বিভাগ ২০১২ত সংশোধিত অসম অনুসূচীত জাতি/অনুসূচীত জনজাতি সংৰক্ষণ আইন ১৯৭৮ ৰ উপবন্ধ ৰপায়নৰ দায়িত্ব বিভাগৰ হাতত ন্যস্ত কৰা হৈছে আৰু সেইমতে নিয়ম গঠন কৰা হৈছে। ৰাজ্যিক বাৰ্ষিক পৰিকল্পনাৰ জনজাতীয় উপ পৰিকল্পনা, অনুসূচীত জাতিৰ উপ পৰিকল্পনাৰ উপাদানসমূহ, ৰাজ্যৰ অনুসূচীত জাতি/অনুসূচীত জনজাতি/অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণৰ কাৰণে কেন্দ্ৰীয় আৰু ৰাজ্যিক পুঁজিপ্ৰাপ্ত কাৰ্য্যসূচী ৰূপায়নৰ কাৰণে এই বিভাগটো দায়ী। ইয়াৰোপৰি বিভাগটো ৰাজ্যৰ বনাঞ্চল অধিকাৰ আইন, ২০০৬ৰ ৰূপায়নৰ কাৰণেও দায়ী।