অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে মন্ত্ৰী, অনুসূচীত জাতিৰ কল্যাণ, সমভূমি জনজাতিৰ কল্যাণ আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ আয়োগৰ অধীনত ইয়াত তিনিখন সুকীয়া সুকীয়া ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শদাতা পৰিষদ আছে। সংশ্লিষ্ট সম্প্ৰদায়সমূহক প্ৰতিনিধিত্ব কৰা ৰাজ্যৰ সকলো সাংসদ আৰু বিধায়ক এই ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শদাতা পৰিষদৰ সদস্য হয়। এওঁলোকে কাৰ্য্যক্ৰম সমূহ সঠিক ভাৱে ৰূপায়ন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰে আৰু লগতে অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ কল্যাণৰ বাবে জনজাতীয় উপ-পৰিকল্পনা, অনুসূচীত জাতি উপ-পৰকল্পনা আঁচনিৰ অধীনষ্ঠ বিভিন্ন বিভাগীয় আঁচনিৰ অগ্ৰগতিৰো পৰ্য্যবেক্ষণো কৰে। পৰিশিষ্ট-আই.এ., আই.বি., আই.চি.ত অধিসুচনাৰ প্ৰতিলিপি প্ৰদান কৰা হৈছে। ইয়াত ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ অধীনত তিনিটা সঞ্চালকালয় আছে যি তলত উল্লেখ কৰা হল-
১. ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়, অসম।
২. অনুসূচীত জাতিৰ কল্যাণ সঞ্চালকালয়, অসম।
৩. জনজাতী আৰু অনুসূচীত জাতিৰ কাৰণে গৱেষণাৰ অসম প্ৰতিষ্ঠানৰ সঞ্চালকালয়।
ইয়াৰ উপৰিও এই বিভাগৰ অধীনত তিনিটা নিগম আৰু এটা উন্নয়ন প্ৰাধিকৰণ আছে যি তলত উল্লেখ কৰা হল-
১. অসম ভৈয়াম জনজাতি উন্নয়ন নিগম পৰিসীমিত
২. অন্যান্য পিছপৰা শ্ৰেণীৰ পৰিসীমিতৰ কাৰণে অসম ৰাজ্যিক উন্নয়ন নিগম
৩. অনুসূচীত জাতিৰ পৰিসীমিতৰ কাৰণে অসম ৰাজ্যিক উন্নয়ন নিগম
৪. অসম জনজাতিয় উন্নয়ন প্ৰাধিকৰণ। পৰিশিষ্ট-৩, ৩-এ., ৩-বি. আৰু ৩-চি.ত সঞ্চালক পৰিষদৰ প্ৰতিলিপি/আইন আদিৰ বিষয়ে উল্লেখ কৰা হৈছে। ইয়াত ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ অধীনত অসম পিছপৰা শ্ৰণী আয়োগ নামেৰে এক ৰাজ্যিক পৰ্য্যায়ৰ আয়োগ আছে। (পৰিশিষ্ট-১০ৰ সৈতে অসম পিছপৰা শ্ৰেণী আয়োগ আইন, ১৯৯৩ৰ প্ৰতিলিপি সংলগ্ন কৰা হৈছে)
ইয়াত ৰাজ্যিক আইনৰ অধীনত এখন ষষ্ঠ অনুসুচী আৰু ছখন স্বায়ত্বশাসিত পৰিষদ গঠন কৰা হৈছে যিবোৰ তলত উল্লেখ কৰা হলঃ-
১. সংবিধানৰ ষষ্ঠ অনুসুচীৰ অধীনত বড়োলেণ্ড আঞ্চলিক পৰিষদ(বি.টি.চি.)
২. মিচিং স্বায়ত্ব শাসিত পৰিষদ(এম.এ.চি.)
৩. ৰাভা-হাচং স্বায়ত্ব শাসিত পৰিষদ(আৰ.এইচ.এ.চি.)
৪. তিৱা স্বায়ত্ব শাসিত পৰিষদ(টি.এ.চি.)
৫. দেউৰী স্বায়ত্ব শাসিত পৰিষদ(ডি.এ.চি.)
৬. ঠেঙাল কচাৰী স্বায়ত্ব শাসিত পৰিষদ(টি.কে.এ.চি.)
৭. সোণোৱাল কচাৰী স্বায়ত্ব শাসিত পৰিষদ(এছ.কে.এ.চি.)
অসমত বসবাস কৰা সম্প্ৰদায় সমূহৰ অন্তৰ্গত লোকসকলৰ আৰ্থ-সামাজিক, শিক্ষা, সংস্কৃতি আৰু জাতিগত উন্নয়ন আৰু অগ্ৰগতিৰ বাবে কাৰ্য্যকৰী আদেশৰ জৰিয়তে এই বিভিন্ন সম্প্ৰদায় সমূহক উদ্দেশ্যি ৩৩খন উন্নয়ন পৰিষদো গঠন কৰা হৈছে। পৰিশিষ্ট-৪ত উন্নয়ন পৰিষদৰ তালিকাৰ প্ৰতিলিপি সংলগ্ন কৰা আছে। ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ অধীনত ২২ আই.টি.ডি.পি. আৰু ৫০ এছ.ডি.ডব্লিও.ও. আছে যাৰ জৰিয়তে প্ৰতিটো আই.টি.ডি.পি.ৰ অধীনত বিভাগৰ উন্নয়নমূলক আঁচনি ৰূপায়ন কৰা হয়। এছ.চি.এছ.পি., টি.এছ.পি., ও.টি.এছ.পি. আৰু অন্যান্য পিছপৰা শ্ৰেণী সম্প্ৰদায়ৰ কল্যাণমূলক আঁচনিৰ সঠিক ৰূপায়ন সুনিশ্চিত কৰিবলৈ প্ৰতিটো এছ.ডি.ডব্লিও.ও.ৰ অধীনত জিলা পৰ্য্যায়ত এক প্ৰকল্প ৰূপায়ন কমিটি(পি.আই.চি.) আৰু মহকুমা অনুসূচীত জাতি উন্নয়ন পৰিষদ, মহকুমা অনুসূচীত জনজাতি উন্নয়ন পৰিষদ আৰু মহকুমা অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন পৰিষদ আছে।