১. প্ৰাক-মেট্ৰিক জলপানিঃ অসম চৰকাৰে ১০০শতাংশ ব্যয় বহন কৰা ই হৈছে ৰাজ্যিক পৰিকল্পনাৰ অধীনষ্ঠ এক আঁচনি।
২. আই.টি.আই. ত কাৰিকৰী প্ৰশিক্ষণৰ বাবে বেতন প্ৰদানঃ ই হৈছে ৰাজ্যিক পৰিকল্পনাৰ অধীনষ্ঠ এক আঁচনি আৰু অসমৰ বিভিন্ন আই.টি.আই.ত নাম ভৰ্তি কৰা অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰী সকলক চৰকাৰী নিয়ম আৰু প্ৰক্ৰিয়া অনুসৰি বেতন প্ৰদান কৰা হয়।
৩. বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানলৈ অনুদানঃ ৰাজ্যিক পৰিকল্পনাৰ অন্তৰ্গত এই আঁচনিৰ অধীনত, সেইবোৰ বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানক আঁচ-বাব ক্ৰয় বা মেৰামতি, বিদ্যালয় ভৱন নিৰ্মাণ আদিৰ বাবে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয় যিবোৰ শিক্ষানুষ্ঠান অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নয়নৰ সৈতে জড়িত।
৪. শিক্ষামূলক ভ্ৰমণকে ধৰি সাংস্কৃতিক কাৰ্য্যক্ৰমৰ বাবে অনুদানঃ এইয়া হৈছে ৰাজ্যিক পৰিকল্পনাৰ অধীনষ্ঠ এক আঁচনি। এই আঁচনিৰ উদ্দেশ্য হৈছে সাংস্কৃতিক মনোবৃত্তি গঢ়ি তোলা আৰু লগতে ৰাজ্যৰ বাহিৰে-ভিতৰে ভ্ৰমণ কৰাৰ সুবিধা প্ৰদান কৰি অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ ভাণ্ডাৰ বৃদ্ধি কৰা।
৫. বেচৰকাৰী সংগঠনৰ বাবে অনুদানঃ এই আঁচনিৰ উদ্দেশ্য হৈছে অনুসূচীত জাতিৰ জনসাধাৰণৰ উন্নয়নৰ হকে তেঁওলোকৰ মাজত থাকি কাম কৰা বেচৰকাৰী সংগঠন সমূহক উত্সাহিত কৰা।
৬. আন্তঃ জাতিগত বিবাহৰ ক্ষেত্ৰত আৰ্থিক সাহাৰ্য্য প্ৰদানঃ সমাজৰ পৰা জাতি-ভেদৰ ভাৱ আতৰ কৰাটোৱেই হৈছে এই আঁচনিৰ মূল উদ্দেশ্য। সাধাৰণ শ্ৰেণী আৰু অনুসূচীত জাতিৰ লোকৰ মাজত বিবাহ সম্পন্ন হলেই তেনে লোকক আৰু লগতে তেঁওলোকৰ অভিভাৱককো এই আঁচনিৰ অধীনত নগদ ধনৰ বঁটা প্ৰদান কৰা হয়।
৭. অনুসূচীত জাতিৰ যুৱ প্ৰজন্মৰ বাবে কম্পিওটাৰ প্ৰশিক্ষণঃ এই আঁচনিৰ অধীনত শিক্ষিত নিবনুৱা অনুসূচীত জাতিৰ যুৱক-যুৱতীক আত্ম-নিয়োজনৰ সুবিধা প্ৰদানৰ বাবে কম্পিওটাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।
৮. নিৱনুৱা অনুসূচীত জাতিৰ যুৱক-যুৱতীৰ বাবে আত্ম সহায়ক আঁচনিঃ অনুসূচীত জাতিৰ নিবনুৱা যুৱক-যুৱতীক আত্ম নিয়োগৰ সুবিধা প্ৰদানৰ উদ্দেশ্যৰে আঁচ-বাব প্ৰদান কৰাটোৱেই হৈছে এই আঁচনিৰ মূল উদ্দেশ্য।
৯. অনুসূচীত জাতিৰ মহিলাৰ বাবে আত্ম সহায়ক আঁচনিঃ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ অনুসূচীত জাতিৰ মহিলাক তেঁওলোকৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে বিনামূলীয়া চিলাই মেচিন, এম্ব্ৰইডাৰী মেচিন, সুতা আদি প্ৰদান কৰি আত্ম-নিয়োগৰ সুবিধা প্ৰদান কৰাটোই এই আঁচনিৰ উদ্দেশ্য।
১০. কৰ্কট্/কলেৰা বা অন্য মাৰাত্মক ৰোগত ভুগী থকা ৰোগীৰ বাবে অনুদানঃ এই আঁচনিৰ জৰিয়তে কৰ্কট, কলেৰা বা অন্য কোনো মৰাত্মক ৰোগত ভোগী থকা আৰু লগতে ৰোগৰ চিকিত্সা কৰাৰ বাবে অপাৰগ দূখীয়া অনুসূচীত জাতিৰ ৰোগী সকলক চিকিত্সাৰ বাবে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়।
১১. বিদ্যালয় ভৱন/ৰাজহূৱা সভাগৃহ নিৰ্মাণঃ দূখীয়া পিছপৰা অনুসূচীত জাতিৰ অধ্যুষিত এলেকাত ইয়াৰ জনসাধাৰণৰ সামাজিক উন্নয়ন সাধনৰ বাবে অনুদান প্ৰদানৰ জৰিয়তে বিদ্যালয় ভৱন আৰু ৰাজহুৱা সভাগৃহ নিৰ্মাণ কৰাটোৱাই এই আঁচনিৰ উদ্দেশ্য।
১২. মেধাসম্পন্ন অনুসূচীত জাতিৰ ছাত্ৰীৰ বাবে আৰ্থিক সাহাৰ্য্যঃ এই আঁচনিৰ উদ্দশ্য হৈছে অনুসূচীত জাতিৰ মহিলা সকলৰ মাজত উচ্চ শিক্ষাৰ জনপ্ৰিয়তা বৃদ্ধি কৰা। হাইস্কুল শিক্ষান্ত পৰিক্ষা বা উচ্চ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৬০শতাংশ নম্বৰ লাভ কৰা অনুসূচীত জাতিৰ ছাত্ৰীক ১০,০০০ টকাকৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়।
১৩. অসম বিকাশ যোজনা আৰু মুখ্য মন্ত্ৰীৰ বিশেষ নিয়োগ সৃষ্টিকাৰী কাৰ্য্যক্ৰমঃ এই আঁচনিৰ অধীনত নিবনুৱা অনুসূচীত জাতিৰ যুৱক-যুৱতীক আত্ম নিয়োগৰ সুবিধা প্ৰদানৰ বাবে পুঁজি আৱণ্টন কৰা হৈছিল। অনুসূচীত জাতিৰ নিবনুৱা যৱক-যুৱতীৰ আত্ম নিয়োগৰ সুবিধা সৃষ্টিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হয়।
১৪. ড. বি.আৰ. আম্বেদকাৰ ভৱন নিৰ্মাণঃ সকলো জিলা/সদৰ মহকুমাতে অনুসূচীত জাতিৰ শ্ৰেণীৰ জনসাধাৰণৰ বাবে সভাগৃহ আৰু অতিথিশালা যুক্ত ড. বি.আৰ. আম্বেদকাৰ ভৱন নিৰ্মাণ কৰাৰ উদ্দেশ্যৰেই এই আঁচনি সৃষ্টি কৰা হৈছিল।
১৫. অনুসূচীত জাতিৰ প্ৰশিক্ষণাৰ্থি সকললৈ কম্পিওটাৰ প্ৰদানঃ অনুসূচীত জাতিৰ প্ৰশিক্ষণাৰ্থী সকলক কম্পিওটাৰ প্ৰদান কৰিবৰ বাবেই এই সঞ্চালকালয়ে ২০১০-১১ বৰ্ষত নতুনকৈ এই আঁচনি গ্ৰহণ কৰিছিল।
১৬. অনুসূচীত জাতিৰ অসম ৰাজ্যিক উন্নয়ন নিগম লিমিটেডলৈ অংশীদাৰী পুঁজিগত অৰিহনা প্ৰদানঃ অংশীদাৰী পুঁজিগত অৰিহনাৰ অধীনত ক্ৰমে ৫১ শতাংশ : ৪৯ শতাংশ অনুপাতৰ ভিত্তিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ অসম ৰাজ্যিক উন্নয়ন নিগম লিমিটেডৰ মালিকীস্বত্ব যুটীয়াভাৱে বহন কৰে।
১৭. জামাদাৰ সকলৰ বাবে আত্ম নিয়োগ আঁচনিঃ এই আঁচনিৰ মূল উদ্দেশ্য হৈছে জামাদাৰ সকলৰ পৰিয়াল সকলক আত্ম নিয়োগৰ সুবিধা প্ৰদানৰ উদ্দেশ্যৰে আঁচ-বাব প্ৰদান কৰা।
১. ছাত্ৰাৱাস নিৰ্মানঃ ৫০:৫০ অনুপাতে ব্যয় বহন কৰা এইয়া হৈছে এক কেন্দ্ৰীয় পৃষ্ঠপোষকীয় আঁচনি। ইয়াৰ মূল উদ্দেশ্য হৈছে গ্ৰহণ ছাত্ৰ সকলৰ বাবে ছাত্ৰাৱাসাৰ সুবিধা প্ৰদান কৰা। এই আঁচনিক বৰ্তমান “বাবু জগজীৱন ৰাম ছাত্ৰাৱাস যোজনা” হিচাপে নামাংকৃত কৰা হৈছে।
২. ছাত্ৰীৱাস নিৰ্মাণঃ সম্পূৰ্ণ ১০০শাতংশই ব্যয় বহন কৰা এইয়া হৈছে কেন্দ্ৰীয় সাহাৰ্য্যপ্ৰাপ্ত এক আঁচনি। এই আঁচনিক বৰ্তমান “বাবু জগজীৱন ৰাম ছাত্ৰাৱাস যোজনা” হিচাপে নামাংকৃত কৰা হৈছে।
৩. স্বাস্থ্য বিপত্তিযুক্ত চাফাই কৰ্মত নিয়োজিত অভিভাৱক সকলৰ লৰা-ছোৱালীৰ বাবে প্ৰাক-মেট্ৰিক জলপানিঃ এইয়া হৈছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত থকা ৫০:৫০ অনুপাতৰ ব্যয় বহনকাৰী এক কেন্দ্ৰীয় পৃষ্ঠপোষকীয় আঁচনি।
৪. অনুসূচীত জাতিৰ আৰু অনুসূচীত জনজাতিৰ ওপৰত অতিশায্য ৰোধ কৰাঃ আতিশায্য প্ৰতিৰোধ আইন, ১০৮৯ৰ অধীনত এই আঁচনিৰ জৰিয়তে অনুসূচীত জাতিৰ আৰু অনুসূচীত জনজাতিৰ ওপৰত চলা আতিশায্যৰ বিৰোদ্ধে সজাগতা বৃদ্ধি আৰু পৰ্য্যবেক্ষণ কৰা হয়।
৫. অনুসূচীত জাতিৰ বাবে কোচিং আৰু আনুসাংগিক আঁচনিঃ এইয়া হৈছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত থকা ৫০:৫০ অনুপাতৰ ব্যয় বহনকাৰী এক কেন্দ্ৰীয় পৃষ্ঠপোষকীয় আঁচনি। এই আঁচনিৰ অধীনত সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ দিশত আগবঢ়া অনুসূচীত জাতিৰ যুৱক-যৱতীক কোচিং আদিৰ সুবিধা প্ৰদান কৰা হয়।
৬. পৰৱৰ্তী মেট্ৰিক জলপানি আৰু পুথি ভাণ্ডাৰঃ এইয়া হৈছে অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সৱলীকৰণৰ বাবে ভাৰত চৰকাৰে হাতত লোৱা আটাইতকৈ ডাঙৰ পদক্ষেপ।
৭. মেট্ৰিকৰ পৰৱৰ্তী পৰ্য্যায় আৰু মাধ্যমিক বৰ্গৰ অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাটোৱেই এই আঁচনিৰ মূল উদ্দেশ্য। নিৰ্দেশনা অনুযায়ী যোগ্য সকলক তেঁওলোকৰ শিক্ষা সম্পূৰ্ণ কৰাৰ বাবে সক্ষম কৰি তোলা। তত্বাৱধান, ভাট্টা, ঘুৰাই নোপোৱা বাধ্যতামূলক মাচুল সমূহ পৰিষোধ কৰা, পুথিভাণ্ডাৰৰ সুবিধা প্ৰদান কৰা আৰু অন্যান্য ভাট্টা প্ৰদান কৰা আদিবোৰ এই জলপানিৰ অন্তৰ্গত। এই জলপানি সমূহ ছাত্ৰ-ছাত্ৰী সকলৰ বেংক একাউণ্টলৈ পোণপটীয়াকৈ প্ৰেৰণ কৰা হয়।
৮. অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ মেধাৰ উন্নিতকৰণঃ এইয়া হৈছে ১০০শতাংশ আৰ্থিক সাহাৰ্য্য প্ৰদানকাৰী এক কেন্দ্ৰীয় পৰিকল্পনাধীন আঁচনি। এই আঁচনিৰ উদ্দেশ্য হৈছে অসমৰ বিভিন্ন শিক্ষানুষ্ঠানত বিশেষ টিউচনৰ সুবিধা প্ৰদান কৰি অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ মেধাৰ উত্কৰ্ষ সাধন কৰা।