ভাৰত চৰকাৰৰ পৰিকল্পনা আয়োগ, বৰ্তমানৰ নীতি আয়োগৰ নিৰ্দেশ অনুযায়ী বিভিন্ন উন্নয়ন বিভাগৰ অধীনষ্ঠ টি.এছ.পি. আৰু এছ.চি.এছ.পি. সম্বন্ধীত আঁচনি সমূহৰ প্ৰস্তুতিকৰণ, অনুমোদন আৰু ৰূপায়নৰ মাজত সমন্বয়ৰ দিশতো চোৱা চিতা কৰাৰ ক্ষেত্ৰত ডব্লিও.পি.টি. আৰু বি.চি. বিভাগটোৱে প্ৰধান বিভাগ হিচাপে কাৰ্য্য কৰে। ডব্লিও.পি.টি. আৰু বি.চি. বিভাগৰ সমন্বয় যন্ত্ৰটোক শক্তিশালী কৰিবলৈ পৰিকল্পনা বিষয়া আৰু গৱেষণা সহায়কক অসম অৰ্থনৈতিক আৰু পৰিসংখ্যা সেৱাৰ অন্তৰ্গত ৰূপান্তৰকৰণ আৰু উন্নয়ন বিভাগৰ পৰা নিযুক্তিৰ বাবে অনা হয়। জনজাতীয় উপ-পৰিকল্পনা আৰু অনুসূচীত জাতি উপ-পৰিকল্পনা সম্বন্ধীয় বিভাগীয় বিষয় সমূহৰ পৰ্য্যবেক্ষণ আৰু সমন্বয়ৰ ক্ষেত্ৰত ডব্লিও.পি.টি. আৰু বি.চি. বিভাগৰ সমন্বয় যন্ত্ৰটো দায়বদ্ধ।
১. টি.এছ.পি. আৰু এছ.চি.এছ.পি. আঁচনি/প্ৰস্তাৱ কাৰ্য্যকৰী কৰিবৰ বাবে প্ৰতিটো বিত্তীয় বৰ্ষত টি. এণ্ড ডি. বিভাগ/বিত্তীয় বিভাগে অনুসূচীত জনজাতি আৰু অনুসূচীত জাতি জনসংখ্যাৰ হাৰ অনুযায়ী টি.এছ.পি. আৰু এছ.চি.এছ.পি.ৰ অধীনত এই বিভাগক উদ্দেশ্যি পুঁজি আৱণ্টন দিয়ে।
২. টি. এণ্ড ডি. বিভাগ/বিত্তীয় বিভাগৰ পৰা পুঁজি আৱণ্টন লাভ কৰাৰ পাছত, ডব্লিও.পি.টি. আৰু বি.চি. বিভাগে আয়ুক্ত আৰু সচিব/মাননীয় মন্ত্ৰীৰ নিৰ্দেশানুযায়ী ক্ষেত্ৰীয় বিভাগ সমূহলৈ এই পুঁজি পুনৰ আৱণ্টিত কৰে যাতে সংশ্লিষ্ট বৰ্ষটোৰ বাবে প্ৰতিটো বিভাগে তেঁওলোকৰ বাজেট প্ৰস্তুত কৰিব পাৰে।
৩. নিজ নিজ বাজেট প্ৰস্তুত কৰাৰ পাছত সংশ্লিষ্ট ক্ষেত্ৰীয় বিভাগে ৰাজ্যিক পৰ্য্যায়ৰ অনুসূচীত জাতি/অনুসূচীত জনজাতি পৰামৰ্শদাতা পৰিষদৰ নিৰ্দেশানুযায়ী অনুমোদন লাভৰ বাবে আঁচনি প্ৰস্তাৱ সমুহ প্ৰদান কৰে।
৪. ডব্লিও.পি.টি. আৰু বি.চি. বিভাগৰ সমন্বয় যন্ত্ৰ শক্তিশালীকাৰী পৰিকল্পনা বিষয়াই ক্ষেত্ৰীয় বিভাগ সমূহৰ পৰা উক্ত প্ৰস্তাৱ সমূহ লাভ কৰাৰ পাছত এই সমূহ আয়ুক্ত আৰু সচিব/মাননীয় মন্ত্ৰীৰ কাষলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰাৰ পূৰ্বে ইয়াৰ সত্যাসত্য নিৰূপন কৰি ইয়াৰ পৰৱৰ্তী সত্যসত্য নিৰূপনৰ বাবে ডব্লিও.পি.টি. আৰু বি.চি. বিভাগৰ যুটীয়া সচিব বা সচিব আৰু বিত্তীয় উপদেষ্টালৈ প্ৰেৰণ কৰে।
৫. উক্ত প্ৰস্তাৱ সমূহৰ ক্ষেত্ৰত মাননীয় মন্ত্ৰীয়ে অনুমোদন প্ৰদান কৰাৰ পাছত নথি সমূহ বা অনুমোদিত প্ৰস্তাৱ সমূহসংশ্লিষ্ট বিভাগ সমূহলৈ ইয়াৰ পৰৱৰ্তী কাৰ্য্যকৰণৰ বাবে প্ৰেৰণ কৰা হয়।
৬. পূৰ্বতে অনুমোদিত আঁচনি সমূহ কাৰ্য্যকৰী কৰাৰ পাছত ক্ষেত্ৰীয় বিভাগ সমূহে পুঁজি মুকলি কৰি দিয়াৰ ছুপাৰিছৰ দাবী প্ৰেৰণ কৰে।
৭. উক্ত দাবী সমূহৰ বিপৰীতে অনুমোদন প্ৰদান কৰাৰ পূৰ্বে ডব্লিও.পি.টি. আৰু বি.চি. বিভাগৰ পৰিকল্পনা বিষয়াই বিভিন্ন দিশ পৰীক্ষণ কৰিব লাগে যেনে, দাবী সমূহৰ বিপৰিতে থকা চিলিংৰ পৰিমাণ, প্ৰয়োজনীয় নথি-পত্ৰ, প্ৰশাসনীক মঞ্জুৰী, কাৰিকৰী অনুমোদন, অগ্ৰগতিৰ প্ৰতিবেদন, সমাপ্তিৰ প্ৰতিবেদন, যুটীয়া সত্যাসত্যতাৰ প্ৰতিবেদন, প্ৰকল্প ক্ষেত্ৰৰ আলোকচিত্ৰসহ প্ৰমাণ পত্ৰ আদিবোৰৰ উপলব্ধ হয় নে নহয়।
এই সমূহৰ সত্যাসত্যাতা নিৰূপণ কৰাৰ পাছত দাবী সমূহৰ বিপৰীতে অনুমোদন জনাবৰ বাবে এই সমূহ আয়ুক্ত আৰু সচিব/অতিৰিক্ত মুখ্য সচিব/মন্ত্ৰীৰ কাষলৈ প্ৰেৰণ কৰাৰ পূৰ্বে ইয়াৰ পৰৱৰ্তী সত্যাসত্যতা নিৰূপনৰ বাবে যুটীয়া সচিব বা সচিব আৰু বিত্তীয় উপদেষ্টাৰ কাষলৈ প্ৰেৰণ কৰা হয়। মাননীয় মন্ত্ৰী/অতিৰিক্ত মুখ্য সচিব/আয়ুক্ত আৰু সচিবে অনুমোদন প্ৰদান কৰাৰ পাছত লাভ কৰা চিলিং দাবী সংশ্লিষ্ট বিভাগলৈ পুঁজি মুকলি কৰাৰ উদ্দেশ্যৰে প্ৰেৰণ কৰা হয়।
ওপৰত উল্লেখ কৰা দফা সমূহ হৈছে টি.এছ.পি./এছ.চি.এছ.পি. বিষয়ৰ অধীনষ্ঠ আঁচনি আৰু চিলিং দাবীমঞ্জুৰ কৰাৰ বাবে থকা দণ্ডায়মান প্ৰক্ৰিয়া।
টি.এছ.পি. আৰু এছ.চি.এছ.পি.ৰ অধীনষ্ঠ আঁচনি সমূহৰ ৰূপায়ান কাৰ্য্যৰ সময় সাপেক্ষ অগ্ৰগতিৰ বিষয়ে পৰ্য্যবেক্ষণ কৰিবলৈ সেই বিভাগ সমূহৰ পৰা পৰ্য্যবেক্ষণ আৰু মুল্যাংকণ কোষে তথ্য সংগ্ৰহ কৰে। তাৰোপৰি, ২০ দফীয়া কাৰ্য্যক্ৰমৰ অন্তৰ্গত দফা ১১(এ.) আৰু ১১(বি.)ৰ অধীনষ্ঠ পৰিয়াল কেন্দ্ৰীক আঁচনিৰ ৰূপায়ন কাৰ্য্য আৰু ইয়াৰ অগ্ৰগতিৰ সন্দৰ্ভতো সময়ে সময়ে নিৰীক্ষণ কৰা হয়।